আফতাৰ চৌধুৰী, ষ্টাফ ৰিপৰ্টাৰ, ১০ ফেব্ৰুৱাৰীঃ যমুনামুখ সমষ্টিৰ দুৰৱস্থাৰ যেন অন্ত নপৰিব। বছৰি কেবাটাও বানে বিধস্ত কৰাৰ ওপৰিও বেছিভাগ ৰাস্তাৰ অৱস্থা অতি শোচনীয়। যিসময়ত অসমৰ বেছিভাগ ৰাস্তাৰ অৱস্থা অতি উন্নত মানৰ, সেই সময়ত যমুনামুখ সমষ্টিৰ কেইটামান প্ৰধান ৰাস্তাৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে জনসাধাৰণক। দেৱস্তান নিলবাগান লোকনিৰ্মাণ ৰাস্তাটোৰ বিভিন্ন অংশৰ ধ্বংস হোৱা অংশসমুহেৰে যাত্ৰা কৰাটো অতি কষ্টকৰ।
এই ৰাস্তাৰ মোৰাজাৰ-দীঘলজাৰ অংশটোৰ অৱস্থা অতি শোচনীয়। এইটো ৰাস্তাইদি দৈনিক হাজাৰোধিক বাহন চলাচল কৰে। এটা বৃহৎ অঞ্চলৰ জনসাধাৰণৰ চলাচল কৰাৰ একমাত্ৰ ৰাস্তা এইটো। হোজাই জিলা আৰু কাৰ্বি আংলং জিলাকো সংযোগ কৰিছে এইটো ৰাস্তাই। এনেকুৱা এটা গুৰুত্বপূৰ্ণ ৰাস্তাৰ প্ৰতি সকলোৰে অনীহা। যমুনামুখৰ বিধায়কে আওকাণ কৰাৰ ওপৰিও শাসনত থকা চৰকাৰেও যেন সময় নেপায় এবাৰ এইটো ৰাস্তাৰ কথা ভাৱিবলৈ।
Home Epaper Daily Epaper যমুনামুখ সমষ্টিৰ ৰাস্তাৰ দুৰৱস্থা , বিধায়ক আৰু লোকনিৰ্মাণ বিভাগৰ মাহীআই দৃষ্টি