গৌৰীপুৰ বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ পৰা দুকুৰি প্ৰাৰ্থীত্ব প্ৰত্যাশী , পঞ্চায়ত নিৰ্বাচনৰ পৰাজিত প্ৰাৰ্থী , এহেজাৰৰ ঘৰ অতিক্ৰম কৰিব নোৱাৰা ব্যক্তিও প্ৰাৰ্থীত্বৰ দৌৰত

87

গৌৰীপুৰ বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ পৰা দুকুৰি প্ৰাৰ্থীত্ব প্ৰত্যাশী , পঞ্চায়ত নিৰ্বাচনৰ পৰাজিত প্ৰাৰ্থী , এহেজাৰৰ ঘৰ অতিক্ৰম কৰিব নোৱাৰা ব্যক্তিও প্ৰাৰ্থীত্বৰ দৌৰত
দুৰ্নীতিৰ দৰ্পণ সেৱা , ছামচুল হক সেখ , বিশেষ সেৱা , ধুবুৰী, ২০ ফেব্ৰুৱাৰী: কোন মুহুৰ্তত নিৰ্বাচনী অধিসূচনা জাৰী কৰে নিৰ্বাচন আয়োগে , ঠিক তেনে সময়তে বিভিন্ন ৰাজনৈতিক দলে প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ পৰা আবেদন গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । গৌৰীপুৰ বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰায় দুকুৰি প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে টিকট বিচাৰি দিল্লী দিছপুৰ একাকাৰ কৰি তুলিছে। দুকুৰি প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ ভিতৰত বিশেষকৈ চৰ্চিত হৈছে বিজেপিৰ দুগৰাকী , কংগ্ৰেছৰ দুগৰাকী আৰু এ আই ইউ ডি এফ দলৰ এগৰাকী। বিজেপিৰ দুগৰাকী যথাক্ৰমে বনেন্দ্ৰ কুমাৰ মুছাহাৰী আৰু অনিল ৰয় ওৰফে সুকুমাৰ ৰয়। কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিতৰত চৰ্চিত দুগৰাকী হৈছে প্ৰাক্তন মন্ত্রী মহিবুল হক আৰু আবুল মিঞা । এ আই ইউ ডি এফ দলৰ পৰা এক মাত্র প্ৰাৰ্থী হৈছে বৰ্তমানৰ বিধায়ক নিজানুৰ ৰহমান । সমষ্টি খনত আৰু বিভিন্ন ৰাজনৈতিক দল আছে যদিও সেই বোৰৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে সমষ্টি খনত । উল্লেখ্য যে , বিজেপিৰ দুগৰাকী প্ৰাৰ্থীৰ ভিতৰত অনিল ৰয় ওৰফে সুকুমাৰ ৰয়ৰ নামটো বেছি কৈ চৰ্চিত হৈছে সমষ্টি খনত । কিয়নো , অনিল ৰয় ওৰফে সুকুমাৰ ৰয় হৈছে ৰাজবংশৰ অৰ্থাৎ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক । সমষ্টি খনৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠীৰ লোক সকলক প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিব লৈ আক্ৰাছু ,কমতাপুৰ দাবী সমিতিয়ে দাবী উত্থাপন কৰিছে। কিয়নো , সমষ্টি খনত মাত্র দহ হেজাৰ ভোটাৰৰ বড়ো সম্প্ৰদায়ৰ লোক হৈছে সমষ্টি খনৰ প্ৰাক্তন বিধায়ক তথা দল বাগৰাৰ জনক বুলি পৰিচিত বনেন্দ্ৰ কুমাৰ মুছাহাৰী । সমষ্টি খনত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অগপ,বিপিএফ আৰু শেষত বিজেপি লৈ গমন কৰাত জেষ্ঠ্য বিজেপি নেতা কৰ্মীয়ে বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ প্ৰতি চৰম ক্ষুদ্ধ হোৱা পৰিলক্ষিত হৈছে। ইফালে , সমষ্টি খনত কংগ্ৰেছ দলৰ মাজত দুটা ভাগত বিভক্ত হোৱাত এটা গোটে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্রী মহিবুল হকৰ পক্ষ লৈছে আৰু আনটো গোটে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আবুল মিঞাৰ পক্ষ লৈছে। মহিবুল হকে কংগ্ৰেছ দলৰ পৰা টিকট নাপাই কাপ প্লেটৰ ছবি লৈ নিৰ্বাচনত জয়লাভ কৰি সমষ্টি খনত গৰীৱ কমিটি নামৰ এটা কমিটি বনাই সাধাৰণ শ্ৰেণীৰ ভোটাৰক প্ৰতাৰণা কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত দহ শতাংশ ভোটাৰেও সমৰ্থন নকৰাৰ উমান পোৱা গৈছে । আন ফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য তথা বৰ্তমানৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী আবুল মিঞাই পঞ্চায়ত নিৰ্বাচনত মাত্র তিনি খন গাঁও পঞ্চায়তৰে গঠিত জিলা পৰিষদৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰি বিধ্বস্ত বাবে পৰাজিত হোৱা ব্যক্তি কেনেকৈ প্ৰায় পঁচিশ খন পঞ্চায়তৰে গঠিত গৌৰীপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব , তাকে লৈ সমষ্টি খনত চলিছে সৰৱ চৰ্চা। অন্যদিগে সমষ্টি খনত আৰু এগৰাকী কংগ্ৰেছ তথা মহাজোবন্ধনৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি সমষ্টি খনত ভোটাৰ ৰাইজৰ মাজত এক হাঁহিয়াতৰ পাত্র হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আব্দুৰ ৰেজ্জাক সেখে। কিয়নো , বিগত বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰা টিকট বিচাৰি টিকট নাপাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি এহেজাৰৰ ঘৰ অতিক্ৰম কৰিব নোৱাৰা ব্যক্তি আব্দুৰ ৰেজ্জাক সেখ আকৌ এই বেলি কংগ্ৰেছ এ আই ইউ ডি এফ দলৰ মহাজোবন্ধনৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি সমষ্টি খনত এক কৌতুক কৰা যেন পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও সমষ্টি খনত এ আই ইউ ডি এফ দলৰ পৰা বৰ্তমানৰ বিধায়ক নিজানুৰ ৰহমানৰ প্ৰাৰ্থীত্ব এক প্ৰকাৰ চূড়ান্ত হৈ পৰিছে । কিয়নো , সমষ্টি খনত এ আই ইউ ডি এফ দলৰ পৰা দ্বিতীয় আৰু কোনো প্ৰাৰ্থীত্ব প্ৰত্যাশী নাই।

1 COMMENT

  1. I really like what you guys tend to be up too. This type of clever work and exposure!
    Keep up the terrific works guys I’ve incorporated you guys to my blogroll.

LEAVE A REPLY

Please enter your comment!
Please enter your name here