ডিগবৈ প্ৰেছ ক্লাৱৰ উদ্যোগত স্ব ৰচিত কবিতা পাঠ অনুষ্ঠান , অনুষ্ঠানত ৩৬ গৰাকী নবীন প্ৰবীন কবিৰ অংশগ্ৰহণ

92

ডিগবৈ প্ৰেছ ক্লাৱৰ উদ্যোগত স্ব ৰচিত কবিতা পাঠ অনুষ্ঠান , অনুষ্ঠানত ৩৬ গৰাকী নবীন প্ৰবীন কবিৰ অংশগ্ৰহণ
দুৰ্নীতিৰ দৰ্পণ সেৱা ,দ্বীপেন শইকীয়া , ডিগবৈ ,৩০ জানুৱাৰীঃ তিনিচুকীয়া জিলা সংবাদিক সন্হাৰ অন্তৰ্গত ১৯৯০ চনত প্ৰতিষ্ঠা লাভ কৰা ডিগবৈ প্ৰেছ ক্লাৱৰ উদ্যোগত মাঘৰ এটি কবিতাৰ দিন শীৰ্ষকেৰে ডিগবৈ প্ৰেছ ক্লাৱৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে এটি স্ব ৰচিত কবিতা পাঠ এটি কবিতাৰ অনুষ্ঠান সফল পৰিসমাপ্তি ঘটে ৷ ডিগবৈ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক মনোৰঞ্জন দাসে আঁত ধৰা কবিতা অনুষ্ঠানটি শুভ উদ্বোধন কৰে। বিশিষ্ট সাহিত্যিক অৱসৰপ্ৰাপ্ত শিক্ষক,সাহিত্যিৰ পেঞ্চনাৰ পুণ্য শইকীয়াই ৷ উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ,তিনিচুকীয়া জিলা সাংবাদিক সন্হাৰ সভাপতি ড° ঋষি দাস , তিনিচুকীয়া জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাণা জ্যোতি নেওঁগ আৰু মাৰ্ঘেৰিটা সাংবাদিক সন্হা,ডুমডুমা সাংবাদিক সন্হা,শদিয়া সাংবাদিক সন্হা,তিনিচুকীয়া সাংবাদিক সন্হা,কাকপথাৰ সাংবাদিক সন্হা আৰু ছৈখোৱা সাংবাদিক সন্হাৰ বহু কেইজন জেষ্ঠ সাংবাদিক ৷ ডিগবৈ , পেঙেৰী ,বৰডুমচা, মাৰ্ঘেৰিটা, ডুমডুমা ,কাকপথাৰ ,ধেমাজীকে আদি কৰি বিভিন্ন ঠাইৰ পৰা অহা ৩৬ গৰাকী নবীন প্ৰবীন কবিয়ে স্ব ৰচিত কবিতা পাঠে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷” মাঘৰ এটি কবিতাৰ দিন” শীৰ্ষক অনুষ্ঠানটি সন্মানীয় সঞ্চালকৰ আসন অলংকিত কৰে ডিগবৈ বিশিষ্ট কবি তথা ডিগবৈ সাহিত্য সেৱা সমিতিৰ সভাপতি দীপেন কুমাৰ বৰাই ৷ অনুষ্ঠানটিত আলোচকৰ আসন অলংকিত কৰে লিডুৰ বিশিষ্ট কবি ড° ৰঞ্জিত কুমাৰ দত্তই ৷ উক্ত অনুষ্ঠানটিত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসত মহকুমাটোৰ ভিতৰত শ্ৰেষ্ঠ শিক্ষয়িত্ৰী সন্মানপ্ৰাপ্ত ডিগবৈ বাপাপুং মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ঝৰ্ণা মহন্ত শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ অনুষ্ঠানটিত উপস্থিত থকা ডিগবৈৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ দায়িত্ব বহন কৰি থকা ব্যক্তিসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷ অনুষ্ঠানটোৰ মাজতেই ডিগবৈৰ এগৰাকী নবীন কবি নৱযানী বৰুৱা শইকীয়াৰ এৰাসুঁতি নামৰ কবিতা পুথি এখন সাহিত্যিক পুণ্য শইকীয়াই উন্মোচন কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here