ডিব্ৰুগড় উপায়ুক্ত পল্লৱ গোপাল ঝা জিলা সংবাদ কৰ্মী সকলৰ লগত গুৰুত্বপূৰ্ণ আলোচনা

43

ডিব্ৰুগড় উপায়ুক্ত পল্লৱ গোপাল ঝা জিলা সংবাদ কৰ্মী সকলৰ লগত গুৰুত্বপূৰ্ণ আলোচনা

দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় , ১৮ ফেব্ৰুৱাৰী : আজি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ডিব্ৰুগড়ৰ সাংবাদিক সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ আগন্তুক ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে অৱগত কৰে ৷ সভাত জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী উপস্থিতিত জিলাৰ উপায়ুক্ত গৰাকীয়ে সাংবাদিকসকলৰ পৰা জিলাখনৰ বিভিন্ন সমস্যা দিশত বুজ লোৱা লগতে ডিব্ৰুগড় নগৰৰ উন্নয়ন, ৰাস্তা-ঘাটৰ উন্নয়ন, ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ সমস্যা সমাধান,আৱৰ্জনা নিষ্কাশন আদিৰ দিশত গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভতো অৱগত কৰে ৷ আনহাতে একেটা অনুষ্ঠানৰ যোগেদি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষনা মিথি কছাৰীযে কৰ্মসূত্ৰে গুৱাহাটী লৈ বদলি হোৱাৰ বাবে বিষয়া গৰাকীক আনুষ্ঠানিক ভাৱে বিদায়ী সম্ভাষন জনাই ডিব্ৰুগড় জিলা উপায়ুক্তক গৰাকীয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here