দঃ শালমাৰাৰ বিজেপিৰ প্ৰাৰ্থী আছাদুল ইছলামক উষ্ম আদৰণি

84

দঃ শালমাৰাৰ বিজেপিৰ প্ৰাৰ্থী আছাদুল ইছলামক উষ্ম আদৰণি
দুৰ্নীতিৰ দৰ্পণ সেৱা ,মাসিদুৰ ৰহমানৰ প্ৰতিবেদন , বিৰসিং , ১৫ মাৰ্চ : সমাগত বিধান সভা নিৰ্বাচন , নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে , নিৰ্বাচনৰ বতাহ সিমানেই গৰম হৈ আছে । সমগ্ৰ অসমৰ সমূহ বিধান সভা সমষ্টিত ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ প্ৰাৰ্থী সকলে নাচি বাগি বিভিন্ন ধৰণে নিৰ্বাচনী ৰণশিঙা বজাই আছে। তাৰ লগত সংগতি ৰাখি ২২ নং দক্ষিণ শালমাৰা বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী আছাদুল ইছলাম(বাচ্চু)ৱে আজি পুৱা ১০ বজাত ফকিৰগঞ্জ অঞ্চলত উপস্থিত হোৱাত হেজাৰ হেজাৰ ৰাইজে আছাদুল ইছলামক উষ্ম আদৰণি জনোৱাৰ লগতে শ শ মটৰচাইকেল আৰু অনান্য যানবাহনেৰে প্ৰায় সাত খন পঞ্চায়ত ৰেলি কৰি ৰাইজৰ পৰা আৰ্শীবাদ লয় । এইবেলি অসমত পুনৰ বিজেপি দলৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি কয় আৰু তেওঁক ভোট দিয়াৰ বাবে আবেদন জনায় আৰু তেওঁ সাংবাদিকৰ আগত প্ৰকাশ যে , দঃ শালমাৰা সমষ্টিৰ ৰাইজে এবাৰ বিজেপিক জিকাই দিব । এই সমষ্টিৰ ৰাইজ বিজেপিৰ লগত আছে । বাচ্ছুৰ প্ৰশ্ন , দঃ শালমাৰা সমষ্টিৰ ৰাইজে এবাৰ কাক ভোট দিব ? আজমলক কিয় ভোট দিব , ৱাজেদ আলী চৌধুৰীক কিয় ভোট দিব আৰু তেওঁ কয় , তেওঁৰ মূল লক্ষ্য হৈছে দঃ শালমাৰা সমষ্টিৰ উন্নয়ন কৰা , নদী গঢ়াখহনীয়া প্ৰতিৰোধ কৰা আৰু বহুতো সমস্যা আছে , সেই সমস্যাসমূহ সমাধান কৰা । নিৰ্বাচনৰ আগতে সকলো দলৰ নেতাই একেটা কথাই কয় , পিছে নিৰ্বাচনত জয়ী হোৱাৰ পিছত ৰাইজক দিয়া কথাবোৰ পূৰণ কৰে নে ? জনপ্ৰতিনিধি সকলে এই সমস্যাবোৰক ব্যৱহাৰ কৰি আছে নেকি ? কেতিয়া হব ব্ৰক্ষ্মপুত্ৰৰ গঢ়াখহনীয়া স্থায়ী প্ৰতিৰোধ ?

LEAVE A REPLY

Please enter your comment!
Please enter your name here