দক্ষিণ শালমাৰাত এআইইউডিএফ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ খদমদম

256

দক্ষিণ শালমাৰাত এআইইউডিএফ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ খদমদম
দুৰ্নীতিৰ দৰ্পণ সেৱা , আবুল হুছেইন , গৌৰীপুৰ , ২০ ডিছেম্বৰ ঃ আগন্তুক ২০২১ ৰ বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰতিটো সমষ্টিত বৈছে প্ৰাক নিৰ্বাচনী বতাহ। এই ক্ষেত্ৰত সৰ্বদিশত অনগ্ৰসৰ দক্ষিণ শালমাৰা সমষ্টিত এইবেলি আজমলৰ দলত বহু কেইজন স্থানীয় প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ খদমদমে ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছেৰে মিত্ৰতাৰ প্ৰসংগ পাহৰি দলটোৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে সকলে এনেদৰে প্ৰচাৰ অভিযান আৰম্ভ কৰাত কংগ্ৰেছ মহলতো উৎকণ্ঠাৰ সৃষ্টি কৰা পৰিলক্ষিত। উল্লেখ্য যে , ২০০৬ ত এআইইউডিএফ ভূমিষ্ঠ হোৱাৰ পাছতেই সমষ্টিবাসীক বহু ডাঙৰ ডাঙৰ উন্নয়নৰ সপোন দেখুৱাই দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ৱাজেদ আলী চৌধুৰীক পৰাভূত কৰি বিধায়ক নিৰ্বাচিত হৈছিল। কিন্তু মাথোন তিনিটা বছৰ উকলি নোযোৱা অৱস্থাতেই ২০০৯ ৰ সংসদীয় নিৰ্বাচনত আজমলে ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সাংসদ নিৰ্বাচিত হয়। তাৰ পাছত সমষ্টিটোত অনুষ্ঠিত হোৱা বিধান সভাৰ উপ নিৰ্বাচনত দলটটোৰ পৰা স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী উতথাপিত হৈছিল। কিন্তু একাংশ দলীয় নেতা কৰ্মীৰ দাবীৰ ভিত্তিত আৰু দলৰ সভাপতি হোৱাৰ সুবাদতে আজমলে তেওঁৰ জেষ্ঠ পুত্ৰ আব্দুৰ ৰহিম আজমলক সমষ্টিটোৰ উপ নিৰ্বাচনত থিয় কৰায়। কিন্তু সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীৰ হাতত পৰাস্ত হয় আজমলৰ পুত্ৰ। ইয়াৰ পাছত ২০১১ ৰ বিধান সভা নিৰ্বাচনতো পুনৰ স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবী তোলে দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী আৰু ভোটাৰে। কিন্তু জিলা পৰ্যায়ৰ একাংশ নেতা কৰ্মীৰ দাবীৰ ভিত্তিত নাছৰবান্দা সাংসদ আজমলে পুনৰ জড়িয়তে কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদক পৰাস্ত কৰিবলৈ পুত্ৰ আব্দুৰ ৰহমান আজমলক প্ৰতিদ্বন্দ্বিতাত নমায়। সেই মতেই ৰহমান আজমলে ২০১১ ৰ নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। বিধায়ক নিৰ্বাচিত হোৱাৰ পাছত ৰহমান আজমলে তেওঁৰ ব্যক্তিগত প্ৰতিনিধিৰ হাতত সমষ্টিৰ সকলো দায় দায়িত্ব এৰি হোজাই , মুম্বাই আদি স্থানত থাকি সমষ্টিবাসী ভোটাৰৰ ৰোষত পৰিবলগীয়া হৈছিল। সমষ্টিটোত আজমল পুত্ৰৰ গণভিত্তি হ্ৰাস পোৱালৈ লক্ষ্য কৰি সাংসদ আজমলে ২০১৬ ৰ নিৰ্বাচনত স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতেই দলীয় টিকট পোৱাৰ আশাত বহু কেইজন স্থানীয় প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে সমষ্টিটোত নামি পৰিছিল। কিন্তু ২০১৬ ৰ নিৰ্বাচনত স্থানীয় প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ আশাত চেচা পানী ঢালি আজমলে নিজেই প্ৰতিদ্বন্দ্ব্‌বিতাত অৱতীৰ্ণ হয়। কিন্তু সাংসদ পদত অধিষ্ঠিত হৈ থকা আজমলক বিধায়ক হিচাবে মানি নল’লে সমষ্টিটোৰ ভোটাৰে। কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী ৱাজেদৰ হাতত পৰাস্ত হয় আজমল। একেদৰে আগন্তুক ২০২১ ৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব বুলি সাংসদ আজমলে একপ্ৰকাৰ সদৰী কৰিছে। সাংসদ আজমলৰ এই ঘোষনাক সৰগত কৰি যোৱা প্ৰায় চাৰি মাহৰ অধিক সময় ধৰি স্থানীয় বহু কেইজন প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে দলটোৰ তৃণমূল নেতা কৰ্মীৰ লগতে ভোটাৰক আকৰ্ষণ কৰিবলৈ উঠিপৰি লাগিছে। দলটোৰ পৰা টিকটৰ প্ৰৱল দাবীদাৰৰ দৌৰত আছে , অধিবক্তা লাল মিঞা , বি এন কলেজৰ অৱসৰপ্ৰাপ্ত প্ৰফেছৰ ছামচুল হক , অধিবক্তা নুৰুল ইছলাম মোল্লা , যূৱ নেতা জুয়েল চৌধুৰী , লাইলি বেগম , অধিবক্তা মোকবুল হক , আব্দুৰ ৰেজজাক হাজৰিকা , ড০ জাকিৰ হুছেইন। মন কৰিবলগীয়া যে , আগন্তুক বিধান সভাৰ নিৰ্বাচনত দলৰ শীৰ্ষ নেতৃত্বই এই কেইগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজৰ পৰা কোনজনক বাছনি কৰে তাক লৈ সমষ্টিটোত ব্যাপক চৰ্চা আৰম্ভ হৈছে। আনহাতে , আজমলে পূৰ্বৰ দৰে এইবেলিও স্থানীয় প্ৰাৰ্থীত্ব প্ৰত্যাশিক বঞ্চিত কৰি পুত্ৰক প্ৰক্ষেপ কৰিলে দলটোৰ ভিতৰচৰাত আৰু ভোটাৰৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো এক প্ৰকাৰৰ নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিছে বিভিন্ন জনে।