দক্ষিণ শালমাৰা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লাই হেজাৰ হেজাৰ সমৰ্থক লগতলৈ মনোনয়ন পত্ৰ দাখিল উপায়ুক্তৰ কাৰ্যালয়ত

66

দক্ষিণ শালমাৰা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লাই হেজাৰ হেজাৰ সমৰ্থক লগতলৈ মনোনয়ন পত্ৰ দাখিল উপায়ুক্তৰ কাৰ্যালয়ত
দুৰ্নীতিৰ দৰ্পণ সেৱা,হাটশিঙিমাৰী,১৯ মাৰ্চঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত আজি মনোনয়ন পত্ৰ দাখিল কৰে ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লা ৷ হেজাৰ হেজাৰ সমৰ্থকৰ সৈতে দক্ষিণ শালমাৰা পৰা আহি আজি দুপৰীয়া মনোনয়ন পত্ৰ দাখিল কৰে মোল্লাই ৷ উল্লেখ্য যে,এ আই ইউ ডি এফৰ ৰাজধানী হিচাপে বিবেচিত দক্ষিণ শালমাৰা সমষ্টি যি ঠাইৰ পৰা মৌলানা বদৰউদ্দিন আজমলৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰি একেৰাহে বিধায়কৰ পৰা তিনিবাৰ ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে আৰু বৰ্তমানো এ আই ইউ ডি এফৰ ভেটি মজবুত থকা সমষ্টিটো কংগ্ৰেছৰ হাতত গতাই দিয়াত এ আই ইউ ডি এফ কৰ্মীৰ মাজত বিক্ষোভ হয় আৰু দল ত্যাগ কৰে ৷ এ আই ইউ ডি এফৰ জন্ম লগ্নৰ পৰা সক্ৰিয় কৰ্মী হিচাপে কাম কৰা তথা এ আই ইউ ডি এফৰ ধুবুৰী জিলা সাধাৰণ সম্পাদক নুৰুল ইছলাম মোল্লাই দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সিদ্ধান্ত লৈছে ৷ আজি মোল্লাৰ লগত হেজাৰ হেজাৰ এ আই ইউ ডি এফ কৰ্মী সমৰ্থন জনাই নুৰল মোল্লাৰ লগত আহি মনোনয়ন পত্ৰ দাখিল কৰে ৷