ধুবুৰীত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান , অংশ গ্ৰহণ কৰে গৌৰৱ গগৈয়ে

3093

ধুবুৰীত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান , অংশ গ্ৰহণ কৰে গৌৰৱ গগৈয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা , আলমগঞ্জৰ পৰা ইমৰান হুছেইন সেখ , ১০ জানুৱাৰী : ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আজি ধুবুৰী চহৰৰ শংকৰদেৱ শিশু উদ্যানত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্ব-ধৰ্মৰ গুৰু সকলে পৃথকে পৃথকে প্ৰয়াত মুখ্যমন্ত্ৰী গগৈৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায় । অসমৰ ৰাজনৈতিক জগতৰ ধ্ৰুব তৰা স্বৰূপ কেন্দ্ৰীয় মন্ত্ৰী তথা পোন্ধৰ বছৰীয়া মুখ্যমন্ত্ৰী পদৰ আসন অলংকৃত কৰা তৰুণ গগৈৰ জন্ম হৈছিল ১৯৩৬ চনৰ পহিলা এপ্ৰিলত । জীৱনৰ অধিক সময় জনসেৱা কৰি ২৩ নৱেম্বৰ ২০২০ চনত শেষ নিশ্বাস ত্যাগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । শদিয়াৰ পৰা ধুবুৰী লৈকে প্ৰয়াত মুখ্যমন্ত্ৰী জনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কাৰ্য্যসূচী হাতত লয় কংগ্ৰেছে । আজি ধুবুৰী শংকৰদেৱ শিশু উদ্যানত নেতা জনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জৈন , খ্ৰীষ্টান , শিখ , ইছলাম আৰু একনাম সনাতন ধৰ্ম গুৰু সকলে পৃথকে পৃথকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে পুত্র তথা সাংসদ গৌৰৱ গগৈ , প্ৰাক্তন মন্ত্রী তথা বিধায়ক ৰকিবুল হুছাইন, বিধায়ক ওৱাজেদ আলী চৌধুৰী আৰু আবুল মিঞা আৰু প্ৰাক্তন সাংসদ আব্দুল হামিদ । ইয়াৰ পূৰ্বে কংগ্ৰেছৰ দলটোৱে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নেতাই ধূৱনী ঘাটত বিসৰ্জন দিয়ে । আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলাখনৰ বিভিন্ন দল সংগঠনৰ লগতে মাদ্ৰাছা শিক্ষক কৰ্মচাৰী সন্থাৰ নেতাসকলে অংশগ্ৰহণ কৰে ।