নগাঁও চহৰত কেইবাটাও উল্লেখনীয় কামৰ শুভাৰম্ভ কৰিব সোণোৱালে , শিল্পী বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰিব আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

65

আজি নগাঁৱলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , নগাঁও চহৰত কেইবাটাও উল্লেখনীয় কামৰ শুভাৰম্ভ কৰিব সোণোৱালে , শিল্পী বিষ্ণু খাৰঘৰীয়াক প্ৰদান কৰিব আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

ৱাহিদুদ জামান , নগাঁও , ১৩ ফেব্ৰুৱাৰী: ৰাজ্যখনৰ ভিতৰতে নগাঁও চহৰ তথা নগাঁও সদৰ সমষ্টিক জাকত- জিলিকা সমষ্টি হিচাপে গঢ়ি তোলাৰ লগতে নগাঁওবাসী ৰাইজৰ আধৰুৱা সপোন পূৰণ কৰি তুলিবৰ বাবে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। এই উন্নয়নৰ ধাৰাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে বিধায়ক গৰাকীৰ প্ৰচেষ্টাত কাইলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ লগতে সৌন্দৰ্য্য বৰ্দ্ধন আঁচনিৰো শুভাৰম্ভ কৰিব। কাইলৈ বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নগাঁও সাংস্কৃতিক প্ৰকল্পৰ দ্বাৰ মুকলি কৰিব। উল্লেখ্য যে সুধাকন্ঠ ড° ভূপেন হাজৰিকাই জীৱিত কালতে এই সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল। তদানীন্তন অগপ চৰকাৰৰ দিনতে কাম আৰম্ভ হোৱা সাংস্কৃতিক প্ৰকল্পটো পৰবৰ্তী সময়ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠাত পৰিত্যক্ত অৱস্থালৈ ৰূপান্তৰ হৈছিল। সম্প্ৰতি বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত এই সাংস্কৃতিক প্ৰকল্পটো অত্যাধুনিক ৰূপত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। ১কোটি ৯৮ লাখ ৭৩ হাজাৰ টকা ব্যয় সাপেক্ষে এই সাংস্কৃতিক প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। কাইলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মৰিকলং বিলৰ সৌন্দৰ্য্য বৰ্দ্ধন কামৰ মাংগলিক শুভাৰম্ভ কৰিব। ২৫ কোটি ৩৪ লাখ ১৭ হাজাৰ টকা ব্যয় সাপেক্ষে আঁচনি খনৰ কাম সম্পূৰ্ণ কৰা হ’ব। বিলৰ কিনাৰতে আটকধুনীয়া পদপথ, শিশু উদ্যান, নৌকা বিহাৰৰ পৰিকল্পনা কাৰ্যকৰী হোৱাৰ পথত বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি মৰিকলঙৰ ৰাজহুৱা বাছ আস্থান অত্যাধুনিক ৰূপত গঢ়ি তোলাৰ আঁচনিৰ মাংগলিক কামৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। এই কামৰ বাবে ৬ কোটি ৬২ লাখ টকাৰ আবণ্টন পোৱা গৈছে। নগাঁও বাসী ৰাইজৰ আয়ুসৰেখা কলং নৈৰ সৌন্দৰ্য্য বৰ্দ্ধনৰ কামৰ মাংগলিক শুভাৰম্ভ কৰাৰ লগতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা নগাঁও আইন মহাবিদ্যালয়লৈকে ২২ কোটি ৯২ লাখ টকাৰ আবন্টন হোৱা টকাৰে নিৰ্মাণ কৰিব লগা পথ দলঙৰ কামৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। কাইলৈ সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহ্যমণ্ডিত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত এক‌ অনুষ্ঠানত বিশিষ্ট শিল্পী বিষ্ণু খাৰঘৰীয়াক “আনন্দৰাম ঢেকিয়াল ফুকন”বঁটা প্ৰদান কৰিব। কাইলৈ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব লগীয়া আটাইকেইটা কাৰ্যসূচীতে নগাঁও বাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে বিধায়ক গৰাকীয়ে।