পাঠশালাত ৩১ জানুৱাৰীত অসম পুতলা নাচ শিল্পী সমাৰোহ

81

পাঠশালাত ৩১ জানুৱাৰীত অসম পুতলা নাচ শিল্পী সমাৰোহ
দুৰ্নীতিৰ দৰ্পণ সেৱা , পাঠশালা , ২৯ জানুৱাৰীঃ অসমৰ থলুৱা লোককলা পুতলা নাচক পুনৰ উজ্জীৱিত কৰাৰ প্ৰয়াসেৰে নিৰ্মাণ কৰা ”লাইভ ইন এ পাপেট” নামৰ চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত সমাদৰ লাভ কৰাৰ লগতে পুৰস্কৃত হৈছে৷এনে এক গৌৰৱোজ্জ্বল ক্ষণত অসমৰ থলুৱা লোককলা পুতলা নাচৰ লগত জডি়ত লোকশিল্পী সকলক একেখন মঞ্চত একত্ৰিত কৰি পুতলা নাচৰ প্ৰসাৰ অথা প্ৰচাৰৰ বাবে অহা ৩১ জানুৱাৰীত পাঠশালাৰ আজাদ ভৱনত অসম পুতলা নাচ শিল্পী সমাৰোহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ লাইফ ইন এ পাপেটৰ পৰিচালক ৰাজেন দাস অভিনেত্ৰী আশা বৰদলৈ লাইফ ইন এ পাপেট চলচ্চিত্ৰৰ পৰিয়ালবৰ্গ উপস্থিত থকা সমোৰোহ অনুষ্ঠানত অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ অথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰাৰ লগতে পুতলা নাচৰ লোকশিল্পী সকলক সন্বৰ্দ্ধনা জ্ঞাপন কৰা হব৷ অসমৰ লোককলা পুতলা নাচক আন্তৰ্জাতিক ৰুপ দিয়াৰ ব্যতিক্ৰমী প্ৰয়াস আৰু লোক সংস্কৃতিক আগবঢ়াই নিবলৈ আহ্বান জনাই জনাই পৰিচালক ৰাজেন দাসে ৷আজি পাঠশালাৰ আজাদ ভৱনত আয়োজন কৰা এক সংবাদ মেলত উক্ত মত ব্যক্ত কৰে পৰিচালক ৰাজেন দাসে৷সংবাদ মেলত অভিনেত্ৰী আশা বৰদলৈও উপস্থিত থা কি মনৰ ভাব ব্যক্ত কৰে।