মাণিকপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ , মহকুমা আৰু ৰাজহ চক্ৰ কাৰ্য্যালয় কাৰ্য্যক্ষম কৰাৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ

78

মাণিকপুৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ , মহকুমা আৰু ৰাজহ চক্ৰ কাৰ্য্যালয় কাৰ্য্যক্ষম কৰাৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ
দুৰ্নীতিৰ দৰ্পণ, মাণিকপুৰ,৩০ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ মাণিকপুৰত বিভিন্ন দল ,সংগঠন ,ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে মাণিকপুৰ মহকুমা আৰু ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাম-কাজ কাৰ্য্যক্ষম কৰাৰ দাবীত শনিবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, মাণিকপুৰত মহকুমা কাৰ্যালয় স্থাপন কৰক, মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয় স্থাপন কৰক আদি বিভিন্ন শ্ল’গান দি ৰাষ্ট্ৰীয় পথটোত যান-বাহনৰ চলাচল কিছু মূহূৰ্ত্তৰ বাবে স্তব্ধ কৰি দিয়ে । উল্লেখ্য যে , ২০১৬ চনৰ ২৬ জানুৱাৰীত মাণিকপুৰক চৰকাৰে মহকুমা হিচাপে ঘোষণা কৰিছিল । ৮৩ খন ৰাজহ গাঁওক সাঙুৰি ঘোষণা অনুসৰি পৰৱৰ্তী সময়ত মাণিকপুৰত অস্থায়ীভাৱে মহকুমা কাৰ্যালয় উদ্ধোধন কৰাৰ লগতে মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয় স্থাপন কৰি চক্ৰ বিষয়া আৰু কৰ্মচাৰী নিযুক্তি দিয়া হৈছিল যদিও আজিলৈকে ৰহস্যজনকভাৱে প্ৰশাসনিক কাম কাজ আৰম্ভ কৰা হোৱা নাই । মাণিকপুৰৰ ৮৩ খন ৰাজহ গাঁৱৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে মাটি-বাৰীৰ ক’ৰ দিয়াকে ধৰি বিভিন্ন ধৰনৰ নথি-পত্ৰ সংগ্ৰহৰ বাবে সুদুৰ বঙাইগাঁৱ সদৰৰ লগতে বি টি এ ডিৰ চিৰাং জিলাৰ বিজনীত যাবলগীয়া হোৱাত মাণিকপুৰ বাসী ৰাইজ অসুবিধাৰ সম্মুখীন হৈছে। আজিৰ প্ৰতিবাদকাৰী সকলে শীঘ্ৰেই মাণিকপুৰ মহকুমা আৰু ৰাজহ চক্ৰৰ কাম কাজ মাণিকপুৰ কাৰ্যালয়ত কৰিবলৈ দাবী জনাইছে। অন্যথাই ভয়াবহ গনতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here