মানকাচৰৰ শোনাপুৰত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত ২ আহত ১

57

মানকাচৰৰ শোনাপুৰত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত ২ আহত ১
দুৰ্নীতিৰ দৰ্পণ সেৱা,হাটশিঙিমাৰী,৪ ফেব্ৰুৱাৰীঃ আজি পুৱতি নিশা অনুমান ৪ বজাত AS-17-C2319 নম্বৰৰ এখন কেঁচামাল ভৰ্তি টেম্পু গাড়ীয়ে ৰাস্তাত ৰখাই থোৱা AS-01-DC-0784 নম্বৰৰ এখন ডাম্পাৰ গাড়ীৰ পিছফালে দ্ৰুত গতিত গৈ খুন্দা মৰাৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ থিতাতে দুগৰাকী লোক নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় এগৰাকী লোক ৷ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি তিব্ৰ চাঞ্চল্য সৃষ্টি হয় অঞ্চল জুৰি ৷ নিহত লোক দুগৰাকী মানকাচৰ থানা এলেকাৰ কাঠলবাৰী গাৱঁৰ ফুলোৱাৰ হুছেইন(৪৩), চাৰবাৰি গাৱঁৰ মনিৰুল ইছলাম(৩০)আৰু আহত লোক জন আজিবৰ ইছলাম(২৪)বুলি জানিব পৰা গৈছে। নিহত কেঁচামাল ব্যৱসায়ী লোক দুগৰাকীৰ মৃত্যুদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু গুৰুতৰ ভাৱে আহত লোক গৰাকীক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি উচ্চ চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জনিব পৰা গৈছে । মানকাচৰৰ চাৰবাৰিৰ পৰা হাটশিঙিমাৰী অভিমুখে গৈ থকা অৱস্থাত অত্যধিক ঘন কোৱলিৰ বাবে টেম্পু চালক জন নিয়ন্ত্ৰণ হেৰুৱাইএনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে ৷ ইফালে, খুন্দা লগা ডাম্পাৰ গাড়ী খন দীৰ্ঘদিন ধৰি ৰাস্তাত ৰখাই থোৱাৰ অভিযোগ উত্থাপন কৰিছে স্হানীয় ৰাইজে আৰু যাৰ ফলত আজি এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা পৰিবেশৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে ডাম্পাৰ গাড়ী খনৰ মালিকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত উত্তেজিত ৰাইজ শান্ত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here