১৫৬ সংখ্যক জন্ম দিৱসত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ , মৰিগাঁৱত সাহিত্যৰথী বেজবৰুৱাৰ আৱক্ষ মূৰ্তি আৰু মুকলি মঞ্চ উন্মোচন , সাহিত্যৰথী বেজবৰুৱাক অসমীয়া জাতিয়ে কোনোকালে পাহৰিব নোৱাৰেঃ প্ৰধান সম্পাদক যাদৱ শৰ্মা



ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৪ অক্টোবৰ : সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আজিৰ দিনটোত যদিহে জন্ম নহল হেঁতেন আমি এজন সাহিত্যৰ খনিকৰ তথা প্ৰবাদমান পুৰুষ নাপালো হেঁতেন । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই অসমীয়া ভাষা সাহিত্য ক্ষেত্ৰখনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান আমি দিব লাগিব ।সাহিত্যৰথী বেজবৰুৱাই অসমীয়া জাতীয় জীৱনলৈ যি অৱদান আগবঢ়ালে সেৱা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব— এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ । আজি মৰিগাঁৱত অসমৰ জাতীয় জীৱনৰ প্ৰবাদমান পুৰুষ , কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰবিত্ৰ জন্ম দিৱসত মৰিগাঁও সাহিত্য সভাৰ কাৰ্যালয় শশীকান্ত হাজৰিকা ভৱন প্ৰাংগনত লক্ষ্মীনাথ বেজবৰুৱাৰ এক আৱক্ষ মূৰ্তি উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই ভাষণত কয়- জোনাকী যুগত যদি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই মৌখিক সাহিত্য , লোকসাহিত্যক এটা সুন্দৰ ভাৱে আধুনিক পৰ্যায়লৈ নিনিলে হয় আমি অসমীয়া ভাষা- সাহিত্য প্ৰেমী সকলে অসমীয়া সাহিত্যৰ পৰা বঞ্চিত হ’লো হেঁতেন বুলি বক্তব্য আগবঢ়োৱাৰ লগতে তেওঁ কয় যে- বেজবৰুৱাই গল্প , কবিতা , নাট্য , সাহিত্যৰ ক্ষেত্ৰখনলৈ এক নতুন মাৰ্তা প্ৰদান কৰি গৈছে । বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱাই সেই সময়ত মানুহে হাঁহিবলৈ পাহৰি যোৱা লোকৰ বাবে হাস্যৰস গল্প , নাট্যসাহিত্য সৃষ্টি কৰি সেইখিনি অসমীয়া লোককো সাহিত্যৰ সোৱাদ দিলে বুলি মন্তব্য কৰে । মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত জিলা খনৰ আহঁতগুৰিত নৌকাস্থ হোৱা অসমীয়া ভাষা সাহিত্যৰ অন্যতম কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৬ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত মৰিগাঁও জিলা পৰিষদৰ পূঁজিৰে শশীকান্ত হাজৰিকা ভৱন প্ৰাংগনত স্থাপন কৰা আৱক্ষ মূৰ্তি উন্মোচন অনুষ্ঠানটো দিনজোৰাকৈ আজি অনুষ্ঠিত হয়। পুৱাৰ কাৰ্যসূচী অনুসৰি মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই পতাকা উত্তোলনৰে আজিৰ অনুষ্ঠান শুভাৰম্ভণি কৰে । পৰ্যায় ক্ৰমে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমণি গোস্বামীয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আৱক্ষ মূৰ্তিৰ বেদীত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মহেন্দ্ৰ শইকীয়াই । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি আৱক্ষ মূৰ্তি উন্মোচনৰ লগতে ধৰনী গোহাঁইয়ে আগবঢ়োৱা আৰ্থিক সাহায্যৰে কাৰ্যালয় প্ৰংঙ্গনত স্থাপন কৰা নৱনিৰ্মিত মুকলি মঞ্চ উদ্ধোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰতিষ্ঠাপক সম্পাদক হৰেন্দ্ৰ বৰাই । পুৱা ১০:৪৫ বজাৰ পৰা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ ওপৰত ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা , মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ বৰা , মৰিগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ পেগু , অসম সাহিত্য সভাৰ কোষাধ্যক্ষ , বিশিষ্ট কবি প্ৰেমনাৰায়ন নাথ আৰু অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃনাল হাজৰিকাই । মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই আঁত ধৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস আৰু অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰীয়ে । অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি সৎৰাম দাস , বিৰিঞ্চি কুমাৰ শৰ্মা , চন্দ্ৰলেখা গোহাঁই লাহন , যুগল কিশোৰ চৌধুৰীৰ লগতে প্ৰাক্তন সম্পাদক ক্ৰমে লক্ষেশ্বৰ ডেকা , জয়ন্ত ডেকা , অজিত শৰ্মাই অংশ গ্ৰহণ কৰে । সভাপতিৰ ভাষণত প্ৰতাপ হাজৰিকাই সাহিত্যৰথী বেজবৰুৱা জাতীয়তাবাদৰ প্ৰবক্তা বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই বেজবৰুৱাৰ অৱদানৰ কথা ইতিমধ্যে সৰ্বজন স্বীকৃত হৈছে বুলি মন্তব্য কৰে । সভাপতি হাজৰিকাই মৰিগাঁও জিলা সাহিত্য সভাই ইতিপূৰ্বে ৰূপায়ন কৰা কাম কাজৰ সন্দৰ্ভতো এক বিস্তৃত প্ৰতিবেদন আগবঢ়ায় । জিলা সভাৰ সহকাৰী সম্পাদক তথা শিল্পী ভদ্ৰেশ্বৰ ডেকাৰ গীতেৰে জীপাল কৰি তুলা অনুষ্ঠানটোত ৰোহিনী হাজৰিকা আৰু শিল্পী ৰাজু দাসকো আদৰণি জনোৱা হয় ।আজিৰ সভাখনতেই মৰিগাঁও জিলা সাহিত্য সভাই মৰিগাঁৱত এটা জনগোষ্ঠীয় গৱেষণা কেন্দ্ৰৰ লগতে বেজবৰুৱাৰ ওপজা ভূমি আঁহতগুৰিত বেজবৰুৱাৰ নামাকৰণত এক প্ৰকল্প গঢ়ি তুলিবলৈ অসম সাহিত্য সভাৰ ওচৰত আৱেদন জনায়। সন্ধিয়া ভাগত মৰিগাঁও জিলা সাহিত্য সভাৰ দুগৰাকীকৈ উপ-সভাপতি মিহিৰ হাজৰিকা,চিমল দেউৰীৰ লগতে দুগৰাকীকৈ সহকাৰী সম্পাদক ভদ্ৰেশ্বৰ ডেকা আৰু প্ৰমোদ দাসে বন্তি প্ৰজ্বলনেৰে বেজবৰুৱাৰ ১৫৬ সংখ্যক ওপজা দিনৰ অনুষ্ঠানটো সফল সামৰণি পেলায়। ইপিনে, বেজবৰুৱাৰ ওপজা ভূমি আঁহতগুৰিতো আজি আঁহতগুৰি আঞ্চলিক সাহিত্য সভা আৰু বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিয়েও সাহিত্যৰ পুজাৰী গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে । অনুষ্ঠানত অসম সাহিত্য সভাৰ হৈ প্ৰধান সম্পাদক যাদৱ শৰ্মা আৰু কেন্দ্ৰীয় নেতৃবৃন্দই অংশ গ্ৰহণ কৰে ।
is cialis generic available
is cialis generic available
yuma viagra
yuma viagra
trimix with cialis
trimix with cialis
generic viagra sildenafil
generic viagra sildenafil
can dogs take amoxicillin 500mg
can dogs take amoxicillin 500mg
amoxicillin vs azithromycin
amoxicillin vs azithromycin
seizure celebrex 1000 mg
seizure celebrex 1000 mg
cephalexin drug class
cephalexin drug class
cymbalta coupons
cymbalta coupons
amoxicillin 500mg
amoxicillin 500mg
where can i buy azithromycin
where can i buy azithromycin
does celebrex lower fever
does celebrex lower fever