ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত “সাহিত্যৰ চলচ্চিত্ৰায়ণ , ভিন্ন দৃষ্টি আৰু কৌশল” শীৰ্ষক আলোচনাচক্ৰ সম্পন্ন
ছাদিকুজ জামান , মোৰাঝাৰ , ২০ ফেব্ৰুৱাৰীঃ হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত “সাহিত্যৰ চলচ্চিত্ৰায়ণ : ভিন্ন দৃষ্টি আৰু কৌশল” শীৰ্ষক এখনি আলোচনাচক্ৰ ১৮ ফেব্ৰুৱাৰী, ২০২১ তাৰিখ বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। বিভাগীয় প্ৰধান বীণা শইকীয়াৰ সঞ্চালনা আৰু বিভাগৰ সহকাৰী অধ্যাপক মনীষা শইকীয়াই আঁতধৰা আলোচনা সত্ৰটিত আদৰণি ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়খনিৰ উপাচাৰ্য ডঃ অমলেন্দু চক্ৰবৰ্তীয়ে। আলোচনাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত “আলিফা” ছবিৰ বাবে পৰিচালকৰ প্ৰথম ছবি শিতানত স্বৰ্ণকমল বঁটাপোৱা পৰিচালক, চিত্ৰনাট্যকাৰ দীপ চৌধুৰীয়ে। নিজৰ আলোচনাত চৌধুৰীয়ে সাহিত্যক চলচ্চিত্ৰৰূপে ৰূপায়ণৰ বিভিন্ন দৃষ্টিভংগী-কৌশল; অসমীয়া চলচ্চিত্ৰৰ ভৱিষ্যত, আশংকা-সম্ভাৱনা; কেৰিয়াৰ হিচাপে চলচ্চিত্ৰ জগত ইত্যাদি সম্পৰ্কে মননশীল, ন ন তথ্য আৰু চিন্তা উদ্ৰেককাৰী বক্তব্য প্ৰদান কৰে। আলোচনাৰ সামৰণিত তেওঁ “চলচ্চিত্ৰৰ জগতখন বৰ্তমান সময়ৰ আটাইতকৈ জটিল, প্ৰত্যাহ্বানমূলক জগত; অথচ চিনেমা শিল্পই এতিয়াও আটাইতকৈ জনপ্ৰিয় শিল্প” বুলি মতপোষণ কৰি ছিৰিয়াছলি এই শিল্পৰ লগত জড়িত হ’বলৈ বিচৰা ছাত্র-ছাত্ৰীসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰে। বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়ক লক্ষ্মণ পাটগিৰিৰ লগতে শিক্ষক-কৰ্মচাৰী, বিভাগীয় ছাত্ৰ-ছাত্ৰী আৰু দক্ষতা বিকাশ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থকা আলোচনা সত্ৰটিৰ সামৰণিত শলাগ জ্ঞাপন কৰে বিভাগৰ সহকাৰী অধ্যাপক দেৱৰাজ মিলিয়ে ।
Wow, wonderful blog structure! How lengthy have you ever been blogging for?
you make blogging look easy. The overall look of your site is fantastic, let alone the content!