বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

7

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

দুৰ্ণীতিৰ দৰ্পণ সেৱা,ছানিদুল শিকদাৰ,বৰপেটা,৮ এপ্ৰিল : বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে কালি এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত বৰপেটা চহৰত থকা অনুষ্ঠানটোৰ কাৰ্যালয়ত স্থানীয় জনসাধাৰণক মানৱীয় সেৱাৰ স্বাৰ্থত এক বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে ৷ উক্ত শিৱিৰৰ যোগেদি মংগল বাৰে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ৯৭ গৰাকী পুৰুষ , মহিলা আৰু শিশুক বিনামূলীয়া চিকিৎসা সেৱা , ঔষধ আৰু পৰামৰ্শ প্ৰদান কৰা হয় ৷ শিৱিৰটোত এগৰাকী চিকিৎসকৰ নেতৃত্বত নাৰ্ছ আৰু ফাৰ্মাচিষ্টসকলেও অংশগ্ৰহণ কৰে ৷ পুৱাৰে পৰা অনুষ্ঠিত শিৱিৰটোত স্থানীয় লোকৰ মাজত অধিক তথ্য আৰু স্বাস্থ্যজনিত বিষয়সমূহৰ ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ এছিয়ানৰ কৰ্ম-কৰ্তা সকলে প্ৰয়াস কৰে ৷ স্বাস্থ্য শিৱিৰটোত চিকিৎসক ডাঃ আব্দুল কদ্দুছ শিকদাৰে নিজৰ চমু ভাষণত বিশুদ্ধ খোৱা পানী , নিজাকৈ স্বাস্থ্য বিধানৰ নীতি পালন কৰা আৰু সংক্ৰামক ব্যাধি ডেংগু, মেলেৰীয়া ইত্যাদিৰ ওপৰত আলোকপাত কৰে ৷ স্থানীয় লোকে এছিয়ান মিছন ইনষ্টিটিউটৰ এনে উদ্যোগক প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতলৈ এনে উদ্যোগ পুণৰ ল’বলৈ আহ্বান জনায় ৷