কামৰূপত উপস্থিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক , ব্যয় পৰ্যবেক্ষক গৰাকীৰ উপস্থিতিত উপায়ুক্ত কাৰ্যলয়ত সভা

61


কামৰূপত উপস্থিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক , ব্যয় পৰ্যবেক্ষক গৰাকীৰ উপস্থিতিত উপায়ুক্ত কাৰ্যলয়ত সভা

পঙ্কজ নাথ, চাংসাৰি, ১২ মাৰ্চ : কামৰূপ নিৰ্বাচন জিলাৰ অধীনস্থ ৪৮ নং বকো (অনুসুচিত জাতি) ৪৯ নং ছয়গাঁও, ৫০ নং পলাশবাৰী আৰু ৫৫ নং হাজো বিধানসভাৰ বাবে নিৰ্বাচন আয়োগৰ নিয়োজিত নিৰ্বাচন ব্যয় পৰ্যবেক্ষক ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া অনুভা সিনহাই কামৰূপ জিলাত কালি আহি উপস্থিত হৈছে । নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীয়ে আজি জিলা নির্বাচন বিষয়া তথা জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাম-কাজ সুচাৰুভাৱে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে গঠন কৰা কোষ সমূহৰ বিষয়-ববীয়াৰ সৈতে এক বৈঠকত মিলিত হৈ কোষসমূহৰ কাম-কাজৰ বিষয়ে বুজ লোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায় । নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীয়ে আজি জিলা উপায়ুক্তৰ নৱ-নিৰ্মিত কাৰ্য্যালয়ৰ সভাক্ষত অনুষ্ঠিত নিৰ্বাচনত নিয়োজিত হবলগীয়া মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়া সকলৰ এক সভাতো অংশ গ্ৰহণ কৰে । আগন্তুক বিধান সভা নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী ব্যয় বা নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কীয় কিবা ওজৰ-আপত্তি বা কিবা জানিবলৈ থাকিলে এই সমষ্টি কেইটাৰ ৰাইজে নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীক আজিৰ পৰা আমিনগাঁৱৰ লোকনিৰ্মান বিভাগৰ পৰিদৰ্শন বাংলাৰ কাৰ্য্যালয় কক্ষত দিনৰ ১১.০০ বজাৰ পৰা বিয়লি ৪:০০ বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও নিৰ্বাচন ব্যয় পৰ্যবেক্ষক গৰাকীক মোবাইল নম্বৰ ৬০০১২০২৫৪৭ -ত আৰু ই- মেইলৰ ঠিকনা – expokamrup@gmail.com তো যোগাযোগ কৰিব পাৰিব জানিবলৈ দিছে।