কামৰূপৰ আমিনগাওঁত মুকলি হল ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয়

73

কামৰূপৰ আমিনগাওঁত মুকলি হল ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয়
দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি, ১ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁওত আজি ৰাজ্যৰ ভিতৰতে আটক ধুনীয়াকৈ নতুনকৈ নিৰ্মাণ কৰা প্ৰথমটো সংহত উপায়ুক্ত কাৰ্য্যালয় উদ্ধোধন কৰা হয়। আজিৰ উদ্বোধনী অনুষ্ঠানত এই নৱনিৰ্মিত সংহত উপায়ুক্ত কাৰ্য্যালয়টো উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ্যমন্ত্ৰী সৰ্বানন্দ ‌সোনোৱালৰ লগতে উপস্থিত থকা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, লোকনিৰ্মাণ আদি কেইবাটাও বিভাগৰ মন্ত্ৰী , ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে ‌মুকলি কৰে কামৰূপ জিলাৰ এই সংহত উপায়ুক্ত কাৰ্যালয়টি । আজি এই কাৰ্য্যালয়টো মুকলি হোৱাৰ পিছতে অসমৰ চৰকাৰী খণ্ডত সংযোজিত হল এক নতুন অধ্যায় । এই নৱনিৰ্মিত আটক ধুনীয়া সংহত উপায়ুক্ত কাৰ্য্যালয়টোত থাকিব শিক্ষা, স্বাস্থ্য, কৃষি, গ্ৰামোন্নয়ন, পশুপালন, কোষাগাৰ,সমাজ কল্যাণ, উত্তৰ গুৱাহাটী চক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি ১২ টা চৰকাৰী কাৰ্যলয়। ১ লাখ বৰ্গফুটৰ ৫ মহলীয়া উপায়ুক্ত কাৰ্য্যালয়টোৰ‌ বাবে প্ৰায় ৪০ কোটি ‌টকা খৰচ হৈছে বুলি জানিব পৰা গৈছে । নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই কাৰ্য্যালয়টোত বিদ্যুতৰ সলনি ২০ কিল’ৱাট চ’লাৰ‌ পদ্ধতিৰে গ্ৰীণ কৰা হব বুলি জানিবলৈ দিছে । কাৰ্যালয়টোৰ‌ প্ৰায় প্ৰতিটো কোঠা হ’ৱ শীত‌ তাপ নিয়ন্ত্ৰিত । ২০০৯ চনতে আমিনগাৱৰ হাউচফেডৰ এটা ঘৰ ভাড়াত লৈ অস্থায়ীভাৱে উপায়ুক্ত কাৰ্যালয় আৰম্ভ কৰাৰ ‌১১ বছৰ পিছত আজি জিলা ‌খনে লাভ কৰিলে ৰাজ্যৰ ভিতৰতে আটকধুনীয়া এই সংহত উপায়ুক্ত কাৰ্যালয়টো। আজি ১১ বছৰৰ অন্তত স্থায়ীভাৱে লাভ কৰা নতুন কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত মূখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ উপৰিও কামৰূপ জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ কেইবাগৰাকী বিধায়ক বিধায়িকা, কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ লগতে অন্যান্য কামৰূপ প্ৰশাসনৰ বিষয়ববীয়াৰ উপৰিও পুৰ্বতে কামৰূপ জিলাত কৰ্ম সম্পাদনা কৰি যোৱা কেইবাজনো জিলা ও আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়া ‌উপস্থিত থাকে।