ৰঙিয়াত ন-ৰূপত সজোৱা গান্ধী উদ্যান উদ্বোধন মন্ত্ৰী ভবেশ কলিতাৰ

33

ৰঙিয়াত ন-ৰূপত সজোৱা গান্ধী উদ্যান উদ্বোধন মন্ত্ৰী ভবেশ কলিতাৰ
ষ্টাফ ৰিপʼৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন,ৰঙিয়া,১৯ ফেব্ৰৱাৰীঃ চৰকাৰৰ GIA আঁচনিৰ অধীনত সৌন্দৰ্য্য বৰ্ধন কৰি ন-ৰূপত সজাই তোলা ৰঙিয়া চহৰৰ মাজ মজিয়াত অৱস্থিত মহামানৱ ‘মহাত্মা গান্ধী উদ্যান’ খন অসম চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) আৰু শিক্ষা বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক শ্ৰী ভৱেশ কলিতাই বৃহস্পতিবাৰে কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত শ্ৰী নৰসিং বে’, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি(অ) শ্ৰী স্বপ্নীল পাল(আই এ এচ)ৰ উপস্থিতিত শুভ উদ্বোধন কৰে । উল্লেখযোগ্য যে ,উদ্যানখনত থকা গান্ধীৰ প্ৰতিমূৰ্তীটো ৰʼদ বৰষুণত নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছিল , সেই সময়তে মন্ত্ৰী কলিতা তথা মহকুমাধিপতি পালে লোৱা ভূমিকাৰ ৰাইজে শলাগ লয় । উদ্ধোধনী অনুষ্ঠানত ৰঙিয়া পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত শ্ৰী চম্পক ডেকা প্ৰমুখ্যে বহু গণ্য মান্য লোক তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here