কাজিৰঙাৰ ’অৰণ্য মহোৎসৱ’ত উন্মোচন ’কাজিৰঙাৰ কাব্যগুঞ্জন”,”পুৰাতন বাঁহী” আৰু “কথাবোৰ কৈ থাকিব লাগিব”

75

কাজিৰঙাৰ ’অৰণ্য মহোৎসৱ’ত উন্মোচন ’কাজিৰঙাৰ কাব্যগুঞ্জন”,”পুৰাতন বাঁহী” আৰু “কথাবোৰ কৈ থাকিব লাগিব”
কাজিৰঙাৰ পৰা পলিমা বি চেতিয়া : যোৱা ৪,৫,৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত কাজিৰঙাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ যায় “অৰণ্য মহোৎসৱ-২০২১” ৷ মহোৎসৱত অনুষ্ঠিত “শীতৰ কোলাত কবিতাৰে এদিন” শীৰ্ষক মনোজ্ঞ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় তিনিকুৰিৰো অধিক কবিয়ে ৷ অনুষ্ঠানটিত উন্মোচিত কৰা হয় “অৰণ্য মহোৎসৱ” উপলক্ষে প্ৰকাশিত কা্ব্য সংকলন “কাজিৰঙাৰ কাব্যগুঞ্জন” ৷ উন্মোচন কৰে অসমৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মণে ৷ অনুষ্ঠানটিত আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰ,অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি সুৱৰ্ণ শইকীয়া বৰদলৈ,বিশিষ্ট সাংবাদিক ভবানন্দ কলিতা আৰু বিশিষ্ট লেখিকা মিনতি দলে আৰু অসমৰ জনপ্ৰিয় কবি অজিত গগৈ ৷ নিজৰা বৰঠাকুৰে সঞ্চালনা কৰা”শীতৰ কোলাত কবিতাৰে এদিন” শীৰ্ষক ৰসাল অনুষ্ঠানটিত অংশগ্ৰহণ কৰে মনোজ নেওগ,অচ্যুত বৰা,দেৱজিৎ গোস্বামী,দীপক শইকীয়া,জুলি শইকীয়া,সঞ্জীৱ বসুমতাৰী,ফাৰহান জাবেদ,চিন্ময় ধৰ,অৰ্চনা ভট্টাচাৰ্য,ডালিমী নাথ,অমৰ শৰ্মা,গীতাঞ্জলি কলিতা,আৰেছা বেগম,স্নেহাজোনাক দত্ত,গাৰ্গী ভূঞা শইকীয়া,কুঞ্জলতা দাস,জুলিভা ফুকন,শ্যামলী চেতিয়া,ববী দত্ত,দেৱজিৎ হাজৰিকা,হেমা চৌধুৰী গগৈ,পল্লৱ হাজৰিকা,অজন্তা তালুকদাৰ,ৰিজু বৰা হাজৰিকা,মনালিছা শইকীয়া,উষাজোন ফুকন,ৰিয়াৰাণী দত্ত,মনালিছা (পপি)শইকীয়া,প্ৰিয়াংশু প্ৰাঞ্জল,তৰণতীৰ্থ শইকীয়া,এনিশা কাশ্যপকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰায় তিনিকুৰিৰো অধিক কবিয়ে ৷ অনুষ্ঠানটিত উন্মোচিত কৰা কৰা হয় বিশিষ্ট কবি তথা চিত্ৰশিল্পী জুলি বৰুৱাৰ চতুৰ্থখন কাব্যগ্ৰন্থ “পুৰাতন বাঁহী”৷ জুলি বৰুৱাৰ এই কাব্যগ্ৰন্থখন উন্মোচন কৰে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মণে ৷ একেটা অনুষ্ঠানতে বিশিষ্ট কবি অজিত গগৈয়ে উন্মোচন কৰে কবি তথা চিত্ৰশিল্পী নীলাভ সৌৰভৰ কাব্যগ্ৰন্থ “কথাবোৰ কৈ থাকিব লাগিব”৷