নগাঁৱত অসমীয়া সাহিত্য সন্মিলনীৰ কবিতা পাঠৰ অনুষ্ঠান , হৰেন চন্দ্ৰ কলিতাৰ কাব্যপুথি উন্মোচন

7

নগাঁৱত অসমীয়া সাহিত্য সন্মিলনীৰ কবিতা পাঠৰ অনুষ্ঠান , হৰেন চন্দ্ৰ কলিতাৰ কাব্যপুথি উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা,ৱাহিদুদ জামান,নগাওঁ,৪ এপ্ৰিলঃ অসমীয়া সাহিত্য সন্মিলনীৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু সাহিত্য আলোচনা চক্ৰ নগাঁৱৰ সহযোগত আজি নগাঁও প্ৰেছ ক্লাৱত এখন গ্ৰন্থ উন্মোচনী সভা আৰু কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয় । কবি হৰেন চন্দ্ৰ কলিতাৰ “জীৱন যুঁজৰ জয়ধ্বনি” নামৰ কাব্য পুথি খন উন্মোচন কৰে বিশিষ্ট কবি ডা, প্ৰয়াগ শইকীয়াই । কাব্য পুথিখন উন্মোচন কৰি দিয়া ভাষণত ডাঃ শইকীয়াই কয়-কবিতা সৃষ্টিৰ বাবে সাধনাৰ প্ৰয়োজন । কবিতাই মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰে । কবিতা হৃদয়ৰ স্পন্দন । নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি ডা: ৠষেশ্বৰ ঠেঙালৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত উদ্বোধক হিচাপে অংশ গ্ৰহণ কৰি অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি ডঃ সাগৰ বৰুৱাই অসমীয়া সাহিত্য সন্মিলনীৰ কাম-কাজৰ কথা উল্লেখ কৰি কয়-অসমীয়া সাহিত্য সন্মিলনীয়ে নৱ প্ৰজন্মক সাহিত্য সৃষ্টিত ব্ৰতী হবৰ বাবে প্ৰেৰণা যোগাই আহিছে । অসমীয়া সাহিত্যই সাম্প্ৰতিক সময়ত নতুন দিগন্তৰ সুচনা কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পিছতে ডা: ৰিজুজ জাহান চালেহা বেগমৰ সঞ্চালনাত কবিতা পাঠৰ এক মননশীল অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰায় দুকুৰিৰো অধিক কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে । অনুষ্ঠানত নগাঁও জিলা সাহিত্য সন্মিলনী মূখ্য সচেতক সুৰেন বৰা,কাৰ্যকৰী সভাপতি খগেন শইকীয়া,সম্পাদক মুকুল বৰা,খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথ জেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ লগতে মুকুট ভূঞা, দিলীপ কুমাৰ নাথ,বিমন চন্দ্ৰ বৰা,ফনীন্দ্ৰ নাথ গায়ন,ভবেন বৰা,মোলান লস্কৰ,পৱন শৰ্মা,মদাৰ জ্যোতি,কৰবী শইকীয়া,বন্দনা নাথ ঠাকুৰীয়া আদিয়ে অংশ গ্ৰহণ কৰে ।