জনিয়াত ইন্দো গ্লোবেল ছচিয়েল ছাৰ্ভিচ ছচাইটিৰ উদ্যোগত জিলা ভিত্তিক কৰ্মশালা

30

জনিয়াত ইন্দো গ্লোবেল ছচিয়েল ছাৰ্ভিচ ছচাইটিৰ উদ্যোগত জিলা ভিত্তিক কৰ্মশালা
প্ৰতিবেদক , হাউলী , ১০ মাৰ্চঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন জি অ’ ইন্দো গ্লোবেল ছচিয়েল ছাৰ্ভিচ ছ’চাইটি চমুকৈ আই জি এচ এচ এচ ‘ৰ উদ্যোগত বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন (আজি) পৰিষদৰ সভাক্ষত বুধবাৰে সু-পোষন আঁচনিৰ ওপৰত জিলা ভিত্তিক এখন কৰ্মশালা অনুষ্ঠিত হৈ যায় । আই জি এচ এচ এচ’ৰ বৰপেটা আৰু ধুবুৰী জিলাৰ প্ৰকল্প সমন্বয়ক মকিব শিকদাৰে আঁত ধৰা কৰ্মশালাত জিলা আইন সেৱা প্ৰাধিকাৰী সচিব চৰিফ উদ্দিন আহমেদ পাঠান,জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়া ড° নন্দিতা দত্ত,বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক অৰ্পনা অধিকাৰী,স্বাস্থ্য আৰু চিকিৎসা বিভাগৰ ডা: শাহানুৰ আলম,জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিক,জিলা শিশু সুৰক্ষা বিষয়া তথা শিশু সুৰক্ষা গোটৰ ৰুমিকা কাকতি,সীমা বৰ্মন আদি কৰি বিভিন্ন বিভাগৰ বিষয়-ববীয়াৰ সৈতে আই জি এচ এচ এচে মত বিনিময় কৰি ভৱিষ্যৎ কাৰ্যপন্থাৰ ওপৰত আলোকপাত কৰে।উক্ত কৰ্মশালাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় আই জি এচ এচ এচৰ প্ৰীতম তালুকদাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here