টুপীয়াত ৰক্তদান শিবিৰ সম্পন্ন , শতাধিক ৰক্তদানক প্ৰমাণ পত্ৰও প্ৰদান

51

টুপীয়াত ৰক্তদান শিবিৰ সম্পন্ন , শতাধিক ৰক্তদানক প্ৰমাণ পত্ৰও প্ৰদান
দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৭ মাৰ্চঃ শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত টুপীয়া পাঁচগাঁও একাডেমীৰ প্ৰাঙ্গনত আজি ৰবিবাৰে পুৱা ১০ বজাত বিশ্বনাথ চিভিল হস্পিতাল আৰু পায়নিয়াৰ উন্নয়ন সমিতিৰ উদ্যোগত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । উক্ত ৰক্তদান শিবিৰৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে । তেওঁ ভাষন প্ৰসংগত কয় যে ২০০৬ চনতে আৰম্ভ হোৱা পায়নিয়াৰ উন্নয়ন সমিতিৰ এনে ব্যতিক্ৰমী পদক্ষেপক মই আন্তৰিকতাৰে শলাগ লৈছো । লগতে কয় যে ৰক্তদান মহান দান । গতিকে প্ৰতিজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰা ৰক্তৰ দ্বাৰা বহু দৰিদ্ৰ পৰিয়ালৰ প্ৰয়োজনীয় ৰক্তৰ দ্বাৰা এক সুখৰ বাৰ্তা কঢ়িয়াব পাৰে । পায়নিয়াৰ উন্নয়ন সমিতিৰ মুখ্য কাৰ্যালয় গৃহটো চৰকাৰী আঁচনিৰ জৰিয়তে প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে । ৰক্তদান শিবিৰত প্ৰায় শতাধিকৰো অধিক লোকে ৰক্তদান কৰে । উক্ত ৰক্তদান শিবিৰত বিশ্বনাথ চাৰিআলিৰ ৰক্তভাণ্ডাৰৰ চিকিৎসা বিষয়া গুনজন পাঠক উপস্থিত থাকি ৰক্তদান শিবিৰৰ শতাধিকৰো অধিক ৰক্তদাতাসকলক প্ৰমান প্ৰদান কৰে পায়নিয়াৰ উন্নয়ন সমিতিৰ সভাপতি অভিজিৎ ভূঞা আৰু সম্পাদক ভাস্কৰ শইকীয়াই ।