নগাঁও জিলা কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত জিলা কৃষি বিষয়া অশোক বৰঠাকুৰক বিদায় সম্ভাষণ

11

নগাঁও জিলা কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত জিলা কৃষি বিষয়া অশোক বৰঠাকুৰক বিদায় সম্ভাষণ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাঁও , ৪ এপ্ৰিলঃ নগাঁও জিলা কৃষি বিভাগৰ সদ্য অৱসৰ প্ৰাপ্ত জিলা বিষয়া অশোক বৰঠাকুৰক আজি নগাঁও জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলে আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষন জনাই । নগাঁও জিলা কৃষি বিভাগৰ কাৰ্যালয়ত সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত সম্বৰ্দ্ধনা গ্ৰহন কৰি অৱসৰ প্ৰাপ্ত জিলা কৃষি বিষয়া অশোক বৰঠাকুৰে নিজৰ কৰ্ম জীৱনত লাভ কৰা অভিজ্ঞতাৰ বিষয়ে ঊল্লেখ কৰি কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলক কৃষকৰ কল্যাণৰ হকে কাম কৰিবলৈ আহবান জনায় । নগাঁও জিলা কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সভাপতি অশোক কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ গ্ৰহণ কৰি নগাঁও জিলা কৃষি বিভাগৰ আন এজন প্ৰাক্তন কৃষি বিষয়া অশোক কুমাৰ শৰ্মা খাওন্ডে জিলা কৃষি বিষয়া হিচাপে অশোক বৰঠাকুৰে সদায় কৃষক সকলক প্ৰেৰনা যোগায় আহিছিল বুলি মন্তব্য কৰে । জিলা কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সম্পাদক কল্যাণ বৰুৱাই ঊদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সভাপতি বুদ্ধ কুমাৰ নাথ,মহকুমা কৃষি বিষয়া ভবানী নাথ,ক্ষীৰোদ শৰ্মা,কৰ্মচাৰী হৰিনাৰায়ন গোস্বামী আদিয়ে অংশ গ্ৰহণ কৰি অশোক বৰঠাকুৰৰ কৰ্মময় জীৱনৰ বিষয়ে আলোকপাত কৰে ।সন্থাৰ তৰফৰ পৰা বৰঠাকুৰক গামোচা,শৰাই,সম্বৰ্দ্ধনা পত্ৰ আৰু বস্ত্ৰ টোপোলা আদিৰে সম্বৰ্দ্ধনা জনায় ।