বিশ্বনাথ চাৰিআলি টাউন ক্লাবৰ নতুন কমিটি গঠনৰ কার্যভাৰ হস্তান্তৰ লগতে আদৰনি সভা সম্পন্ন

49

বিশ্বনাথ চাৰিআলি টাউন ক্লাবৰ নতুন কমিটি গঠনৰ কার্যভাৰ হস্তান্তৰ লগতে আদৰনি সভা সম্পন্ন

দুৰ্নীতিৰ দৰ্পন , সেৱা বিশ্বনাথ : বিশ্বনাথ চাৰিআলিৰ গড়কাপ্তানি বিভাগৰ কলনিৰ কাষতে থকা বিশ্বনাথ চাৰিআলি টাউন ক্লাবৰ নিজা কাৰ্য্যালয়ত কমিটিৰ সভাপতি তৰুন শইকীয়াৰ সভাপতিত্বত হোবা সভাত পুৰনা কমিটি খনে নতুন কমিটিক কাৰ্য্যভাৰ অৰ্পন কৰে। লগতে নতুন কমিটিৰ কাৰ্য্যভাৰ হস্তান্তৰ কৰোবা হয়। ইয়াৰ পিচতে দুয়ো কমিটিৰ সদস্য সকলে দুপৰীয়া এক প্ৰীতি ভোজ আয়োজনত নতুন কমিটিক আদৰনি জনাই সম্পাদক তৰুন বৰা লগতে সহকাৰী সম্পাদক ক্ৰমে প্ৰতাপ শইকীয়া আৰু গিৰিশ বৰাই ৷ উক্ত সভাতে জিলা ক্ৰীয়া সন্থাৰ সম্পাদক ৰাতুল শইকীয়া উপস্থিত থাকি কমিটি খনক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি জিলা কমিটিয়ে নতুন কমিটিৰ লগত সম্পূৰ্ন সহযোগ আগ বঢ়াই কাম কৰি যাব বুলি আশ্বাস দিয়ে। সভাত নতুন কমিটিৰ সভাপতি সম্পাদকৰ লগতে উপদেষ্টা পীতাম্বৰ কোচ, দূৰ্গেশ্বৰ শইকীয়া, পদো হাজৰিকা,যোগেন শৰ্মা, কাৰ্য্যকৰী সভাপতি ঝৃষভ হাজৰিকা,উপসভাপতি ৰবি ভূঞাঁ, সদস্য বিৰেন ভাগৱতী,কমল শইকীয়া,দিলিপ দাস , খনিন্দ্ৰ শইকীয়া ,চিত্ত শইকীয়া , কাবুল হাজৰিকা ,দীপ শইকীয়া আদি উপস্থিত থাকে ৷