২০১৯ বৰ্ষত ছাৰিটাকৈ বঁটা প্ৰাপ্ত কীৰ্তি শিক্ষক ৰঞ্জন মহন্তৰ বিদায় সম্বদ্ধৰ্না অনুষ্ঠান সম্পন্ন

14

২০১৯ বৰ্ষত ছাৰিটাকৈ বঁটা প্ৰাপ্ত কীৰ্তি শিক্ষক ৰঞ্জন মহন্তৰ বিদায় সম্বদ্ধৰ্না অনুষ্ঠান সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , উৰিয়ামঘাট , উদ্বীপ বৰা , ৮ এপ্ৰিলঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত ৰজাপুখুৰীস্থ আগশাৰী শিক্ষানুষ্ঠান অংচা জিলদৈ শ্যাম হাইস্কুলৰ কীৰ্তি শিক্ষক ৰঞ্জন মহন্ত দেৱে আনুষ্ঠানিক ভাৱে অৱসৰ গ্ৰহণ কৰে । তেওঁ বিদ্যালয়খনত ১৯৮৬ চনৰ পৰা কৰ্ম নিষ্টাৰে জ্ঞানৰ পোহৰ বিলায় চলিত বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে অৱসৰ গ্ৰহণ কৰে । তদুপলক্ষে বিদ্যালয়খনৰ উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক থানেশ্বৰ গগৈৰ সভাপতিত্বত হোৱা বিদায় সম্বৰ্ধনা সভাখনত জাপি , চেলেঙ , গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে । উল্লেখ্য যে , শিক্ষক ৰঞ্জন মহন্তই ২০১৯ বৰ্ষত ধনশিৰি মহকুমা প্ৰশাসনৰ দ্বাৰা কীৰ্তি শিক্ষকৰ বঁটা , সমতা সাহিত্য একাডেমীৰ শিক্ষক ৰত্ন বঁটা ২০১৯ , NEBCOS ৰ নৰ্থ ইষ্ট প্ৰাইড এৱাৰ্ড ২০১৯, ডঃ বি, আৰ, আম্বেদকাৰ ফেলশ্বিপ এৱাৰ্ড ২০১৯ লাভ কৰিবলৈ সক্ষম হৈছিল । উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰত্নেশ্বৰ শ্যাম, অৱসৰ প্ৰাপ্ত শিক্ষক অৱনীকান্ত শ্যামৰ লগতে বিদ্যালয়খনৰ সমুহ শিক্ষক শিক্ষয়িত্ৰী,বিদ্যালয় উন্নয়ন সমিতি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here