অসমীয়া ৱেব চিৰিজৰ শুভ মুক্তি

8

অসমীয়া ৱেব চিৰিজৰ শুভ মুক্তি

দুৰ্নীতিৰ দৰ্পণ সেৱা , গোলাঘাটৰ প্ৰতিবেদক ,বিনোদ কুমাৰ নাথ , ৮ এপ্ৰিলঃ কালি সন্ধ্যা পৰিচালক , প্ৰজোযক তথা বিশিষ্ট অভিনেত্ৰী জোনমণি দেৱীৰ অভিনেতা পুত্ৰ অজান আকাশ কাশ্যপৰ ওপজা দিনৰ দিনাই মুক্তি দিয়া হয় AD Production ৰ দ্বাৰা নিৰ্মিত এক অসমীয়া ৱেব চিৰিজ ৰুধিৰ । এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত বিশিষ্ট পৰিচালক ড° পৰশমণি ঠাকুৰে উন্মোচন কৰে ৱেব চিৰিজটো । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ৰাজেন পূজাৰী , দেৰগাঁও সাংবাদিক সন্থাৰ সভাপতি বিচিত্ৰ ভূষণ কলিতা , অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈয়ে । উপস্থিত থাকে ৰাষ্ট্ৰীয়তাবাদী নেতা কবি সৌমিত্ৰ গোস্বামী , ভৱেন বৰপূজাৰী , দিব্যজ্যোতি তামুলী , বিজয়লক্ষ্মী কলিতা , সুমন্ত দত্ত আদি বিশিষ্ট ব্যক্তি সকল । অনুষ্ঠানটো আঁত ধৰে নাট্যকৰ্মী সুব্ৰত পৰাশৰে । Rudhir ৰ কাহিনী দূৰ্গা প্ৰসাদ জয়চোৱালৰ পৰিচালনা , প্ৰযোজনা কৰিছে জোনমণি দেৱীৱে । চুমন্ত কুমাৰ হাজৰিকা , সুব্ৰত পৰাশৰ , আশা বৰপূজাৰী , বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ আদি কৰি দুকুৰিতকৈয়ো অধিক অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা চিৰিজটোকলৈ অধিক আশাবাদী পৰিচালক জোনমণি দেৱী । Rudhir ৱেব চিৰিজটো A.D. productionৰ YouTube চেনেলত উপলব্ধ হ’ব ।