চাইবাৰ ক্ৰাইমৰ অভিযোগ দাখিলৰ বাবে গৃহ মন্ত্ৰালয়ৰ পোৰ্টেল…

357

ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত চাইবাৰ ক্ৰাইম বিভিন্ন অপৰাধৰ ভিতৰত অন্যতম। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে অনলাইনযোগে চাইবাৰ অপৰাধ সংক্ৰান্তীয় অভিযোগ দাখিল কৰাৰ নেশ্বনেল চাইবাৰ ক্ৰাইম ৰিপোৰ্টিং পোৰ্টেলৰ নামেৰে এটি পোৰ্টেল বিগত বৰ্ষতে আৰম্ভ কৰিছিল।

খোদ প্রধান মন্ত্ৰীয়ে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ক্ষীপ্ৰতৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত এনে পোৰ্টেল তেওঁৰ সপোন আছিল বুলিও ঘোষণা কৰিছিল। কিন্তু যদিও পোৰ্টেলটোৰ উদ্দেশ্য আছিল- যিকোনো ধৰণৰ চাইবাৰ অপৰাধৰ বলি হোৱা লোকে পোনপটীয়াকৈ অভিযোগ দাখিলৰ জৰিয়তে ন্যায় প্ৰাপ্তি, সেয়া প্ৰচাৰ আৰু সজাগতাৰ অভাৱৰ লগতে কাৰিকৰী দিশত থকা বিজুতিৰ বাবেই বৰ্তমানলৈকে ফলপ্ৰসূ হৈ উঠা নাই।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত অতি শেহতীয়াকৈ চাইবাৰ অপৰাধৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে যদিও, এই পোৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰি ন্যায় বিচৰা আৱেদনকাৰীৰ হাৰ তেনেই নগণ্য। ইয়াৰ বিপৰীতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেন্দ্ৰীয় গৃহ দপ্তৰৰ নিয়ন্ত্ৰণত থকা পোৰ্টেলটোৰ জৰিয়তে যোৱা সময়চোৱাত অভিযোগ দাখিল কৰা আৰু ইয়াৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰা কিছু লোকে চাইবাৰ অপৰাধৰ বলি হোৱা সকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে ইয়াৰ পৰ্যাপ্ত ব্যৱস্থা উপলব্ধ নহয় বুলিও সময়ে সময়ে মন্তব্য কৰিছে।

Total Page Visits: 6 - Today Page Visits: 1