কোৰোনাত ক্ষতিগ্ৰস্ত অৰ্থনীতি : বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ নতুন প্ৰস্তাৱ…

282

ডিজিটেল ডেস্ক : মহামাৰী-ক্ষতিগ্ৰস্ত অৰ্থনীতিত গ্ৰাহকৰ মাজত চাহিদা আৰু ব্যয়ৰ ক্ষমতা বৃদ্ধিৰ বাবে সোমবাৰে বিত্ত মন্ত্ৰালয়ে কিছু প্ৰস্তাৱ আগবঢ়ায়। এক প্ৰেছ সন্মিলনত ভাষণ দি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গ্ৰাহকৰ ধন বজাৰত ৰখাৰ বাবে নগদ ভাউচাৰ আঁচনি আৰু বিশেষ মহোৎসৱ অগ্ৰিম আঁচনি ঘোষণা কৰিছে।

বিত্ত মন্ত্ৰী সীতাৰমণে কয় যোগান অৰ্থনৈতিক ব্যৱস্থা অলপ স্বাভাৱিক হৈছে কিন্তু গ্ৰাহকৰ চাহিদা এতিয়াও প্ৰভাৱিত হৈছে। “কোভিড-19-এ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে,” তেওঁ লগতে কয়। কিন্তু চৰকাৰে দেশৰ দুখীয়া লোকৰ প্ৰয়োজনীয়তাৰ বাবে আত্মনিৰ্ভৰশীল ভাৰত পেকেজত পদক্ষেপ লোৱা হৈছে ।

তেওঁ লগতে কয়, “সঠিকভাৱে চাহিদা বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছে। কিছুমান প্ৰস্তাৱ হৈছে ব্যয়ৰ ক্ষমতা বৃদ্ধি কৰা,প্ৰত্যক্ষভাৱে কিছুমান জিডিপি বিকাশৰ বাবে । তেওঁ লগতে কয় যে অৰ্থনীতিত চাহিদা বৃদ্ধিৰ বাবে আগবঢ়োৱা প্ৰস্তাৱবোৰ দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে – উপভোক্তা ব্যয় আৰু পুঁজি ব্যয়।বিত্ত মন্ত্ৰীয়ে গ্ৰাহকৰ ধন অৰ্থনীতিত ৰখাৰ উদ্দেশ্যৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এলটিচি কেছ ভাউচাৰ আঁচনি ঘোষণা কৰিছে।

Total Page Visits: 16 - Today Page Visits: 1