উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দিহিংসত্ৰ (সৰুজনা) ফল্গুৎসৱ উৎসৱ সাতদিনীয়া কাৰ্যসূচীৰে সম্পন্ন

8

উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দিহিংসত্ৰ (সৰুজনা) ফল্গুৎসৱ উৎসৱ সাতদিনীয়া কাৰ্যসূচীৰে সম্পন্ন

পঙ্কজ নাথ,চাংসাৰি,২ এপ্ৰিল : তীৰ্থনগীৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দিহিংসত্ৰ (সৰুজনা) দৌল উৎসৱৰ প্ৰস্তুতি পুৰ্ণ গতিত চলিছে । ২৭ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ এই সাত দিনীয়া কাৰ্যসূচীৰে এই দৌল উৎসৱ আড়ম্বৰপূৰ্ণ ভাবে উদযাপন কৰা হয় । ২৭ মাৰ্চৰ সন্ধিয়া মহাপ্ৰভু গোলোক নাথক সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ নি নাম কীৰ্তন,হোম আদিৰে মেঘদাহ পৰ্ব সম্পন্ন কৰা হব। ২৮ মাৰ্চত মহাপ্ৰভু মহাপূজাৰ অন্তত ভোগ বিতৰণ । আমন্ত্ৰিত আয়তীৰ দিনত দিহানাম । সন্ধিয়াৰ বিশেষ আকৰ্ষণ নাগাৰা নাম । ২৯ মাৰ্চত প্ৰভুৰ হোম যজ্ঞ,ভাগৱত পাঠ । প্ৰভুক ধৰ্মীয় পৰম্পৰাৰে দোলন পৰ্ব আৰু ফাকু প্ৰদান কৰা হয় । এইবাৰৰ দৌল উৎসৱত ৰাজ্য বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী সমবেত হয় । সাতোদিনেই সুশৃংখলিত ভাৱে যাতে ভক্তসকলে মন্দিৰ দৰ্শন কৰিব পাৰে , তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় যুৱক যুৱতী,পুৰুষ মহিলাৰে স্বেচ্ছাসেৱক নিযুক্তি দিয়া হয় । প্ৰতিদিনে ভক্তসকলৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যবস্থা কৰা হয় বুলি সত্ৰৰ তৰফৰ পৰা উজ্জ্বলেন্দু গোস্বামীয়ে জানিবলৈ দিছে । দৌল উৎসৱৰ লগত সংগতি ৰাখি প্ৰতিদিনেই সত্ৰীয়া নৃত্য,ঢুলীয়া খুলীয়া,বেণ্ড পাৰ্টী,সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান ভক্তসকলৰ মনোৰঞ্জনৰ বাবে আয়োজন কৰা হয় । আজি ২ মাৰ্চৰ বিয়লি কেইবা শতাধিক ভক্তৰ অংশগ্ৰহণৰে বৰ্ণাঢ্য ধৰ্মীয় শোভাযাত্ৰাৰে প্ৰভু বিগ্ৰহ দোলাত লৈ উত্তৰ গুৱাহাটী নগৰ পৰিভ্ৰমণ কৰোৱা হয় । সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ গীত পৰিবেশনৰে সাতদিনীয়া দৌল উৎসৱৰ অন্ত পৰিব বুলি মন্দিৰ কমিটিয়ে জানিবলৈ দিছে ।