ক’ৰণাকালত মানৱ সম্পদ গৃহবন্দী বাবেই আনন্দীত প্ৰকৃতিৰ যেন উল্লাহ

67
ক’ৰণাকালত মানৱ সম্পদ গৃহবন্দী বাবেই আনন্দীত প্ৰকৃতিৰ যেন উল্লাহ
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৭ আগষ্ট : ৰাজ্যত এফালে ক’ৰণাৰ কালীন পৰিস্থিতিত আংশিকভাৱে গৃহবন্দী জনতা । আনহাতে , আনফালে মানৱ জাতীৰ গৃহবন্দীত্বত যেন ব্যঙ্গাত্মক হাহীঁৰে  আনন্দত ফুলি উঠিছে গোলাঘাট খুমটাইৰ যোগীবিলৰ নঁ সাজেৰে ফুলি উঠা পদুম ফুলৰ বাগিছা ৷ নঁ সাজত নাচিছে গোলাঘাটৰ যোগীবিল ৷ চাৰিওফালে সেউজীয়াৰ আৰু নীলাৰ নৃত্য , তাৰ মাজত যেন পদুমৰ মিচিকীয়া হাঁহী ৷ প্ৰত্যক্ষ ফুৰিবলৈ অহা দুই এক দৰ্শনাৰ্থীৰ বাবে যেন এয়া প্ৰণয় সফুৰা ৷ এই দৰেই সেউজীয়া আৰু নীলাৰ পোচাক পৰিহিতা প্ৰকৃতি আই যেন গোলাঘাট যোগী বলত ৷ মানৱে নিজৰ কৰ্মেৰে প্ৰকৃতিক লুট পাত কৰা তথা প্ৰকৃতিৰ নিয়মসমূহ ভংগ কৰাৰ বাবেই প্ৰকৃতিয়ে যেন বিভিন্ন আগ্নেয়গিৰি , ভূইকপ , প্ৰলয় , বানপানী তথা না না মহামাৰীৰ যোগেদি মানৱ জাতীক শাস্তি দিয়াৰ দিহা কৰিছে আৰু আজি মানৱ জাতী নিজ কৰ্মৰ দ্বাৰাই যেন গৃহবন্দী আৰু মানৱে নিজকে শুধৰনী নকৰিলে যেন প্ৰকৃতি ক্ষুব্ধ হৈ শাস্তি সমগ্ৰ মানৱ জাতীকে শাস্তি বিহিব এইবুলি স্পষ্ট কৰে একাংশই ৷