পেঙেৰী ৫ নং ডিব্ৰুজান উদয়জ্যোতি যুৱক সংঘৰ সৌজ্যণ্যত ফুটবল খেল সামৰণি

1
130
পেঙেৰী ৫ নং ডিব্ৰুজান উদয়জ্যোতি যুৱক সংঘৰ সৌজ্যণ্যত ফুটবল খেল সামৰণি
দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , পেঙৰী , ১৪ অক্টোবৰ ঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত ব্ৰক্ষাজান গাঁও পঞ্চায়তৰ অধীনস্থ ৫ নং ডিব্ৰুজান গাঁওৰ ২০০৮ চনত প্ৰতিষ্ঠা লাভ কৰা উদয়জ্যোতি যুৱক সংঘৰ সৌজণ্যত ০৭ দুদিনীয়া কাৰ্য্যসুচীয়ে অঞ্চলটোৰ কেইবাখনো গাঁওৰ ফুটবল দলক আমন্ত্ৰণ কৰি প্ৰাইজমণি খেল প্ৰতিযোগিতা আয়োজন কৰা হয়। সৰ্ব মুঠ ২৪ টা দলে অংশগ্ৰহণ কৰে । আজি ফাইনেল খেল খনত পেঙেৰী ৰেদ বুল এফ চি আৰু কুজুপথাৰ এফ চি আৰম্ভ হয় ।পেঙেৰী ৰেদ বুল এফ চিয়ে ০১ গলত জয় লাভ কৰে । খেল পৰিচালনা কৰে দিগন্ত শইকীয়াই দেৱে , সহযোগত থাকে প্ৰাগজ্যোতি গোহাঁই ,নৱ চলহা জ্যোতি বৰপাত্ৰ গোঁহাই খেলৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে মৰাণ সভাৰ কেন্দ্ৰ সমিতিৰ তথ্য আৰু প্ৰচাৰ সম্পাদক ধজেন গোহাঁই , পেঙেৰী বৰদুমচা AJYCP আঞ্চলিক সমিতিয়ৰ সম্পাদক ৰোহিত গোহাঁই , উপদেষ্টা কিষুৰ বৰুৱা উদয়জ্যোতি যুৱক সংঘৰ সভাপতি দালিম গোহাঁই সম্পাদক অকণ মৰাণকে ধৰি  বিশিষ্ট অতিথি সকল উপস্থিত থাকে । উদয়জ্যোতি যুৱক সংঘৰ নেতৃত্বত গ্ৰামাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভা সমুহ বিশকিত কৰাৰ ই এক অনন্য প্ৰয়াস । উক্ত প্ৰতিযোগিক সকলক প্ৰথম পুৰস্কাৰ ৭০০০ হাজাৰ টকা লগতে এটা ট্ৰফী । দ্বিতীয় পুৰষ্কাৰ ৪০০০ হাজাৰ টকা লগতে এটা ট্ৰফী প্ৰদান কৰে । শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয় চান্তিয়াল নাগক।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here