বটদ্ৰৱা থানত শ্ৰীশ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ আয়োজন

57

বটদ্ৰৱা থানত শ্ৰীশ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ আয়োজন
দুৰ্নীতিৰ দৰ্পণ সেৱা , নজৰুল ইছলাম ,বটদ্ৰৱা , ১৬ মাৰ্চ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱা (আলিপুখুৰী)ৰ শ্ৰী শ্ৰী বটদ্ৰৱাথানত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱভাগ অহা ২৭,২৮,২৯,৩০ আৰু ৩১ মাৰ্চত পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্টিত হব । সেই উপলক্ষে আজি দিনৰ ১১:৩০ বজাত বটদ্ৰৱা থান প্ৰাংগণত উক্ত পাঁচ দিনীয়াকৈ অনুষ্টিত হবলগীয়া কাৰ্যসূচী ভাগ এখন সাংবাদিক মেলৰ জৰিয়তে উন্মোচন কৰা হয় । কাৰ্যক্ৰমনিকা অনুসৰি,২৭ মাৰ্চ পুৱা ৪:৩০ বজাত তাল কোবাৱা প্ৰসংগ , মঞ্জিৰা নাম , পুৱা ৮ বজাত আই সকলৰ নাম-প্ৰসংগ , পুৱা ১০:৩০ বজাত খোল প্ৰসংগ,বিয়লি ৩ বজাত পাঠ বিয়লি প্ৰসংগ আৰু সন্ধিয়া ৭ বজাত গায়ন-বায়নৰ দ্বাৰা গোঁসাই কীৰ্ত্তন ঘৰৰ পৰা উলিয়াই আনি স্নান কাৰ্য সম্পাদনা কৰি ৰভাতলত স্থাপন । পিছত গোসাঁইক গন্ধ তেলেৰে নোৱাই ধুৱাই গন্ধ কাৰ্য সম্পাদন কৰিব । ২৮ মাৰ্চ বিয়লি ২ বজাত কৃষ্ণ গোসাঁইক আগত গায়ন বায়নৰ ন ধেমা‌লি গীত সৰিবেশন । গোঁসাই সেৱা সম্পন্ন কৰি গোসাঁই মূৰত ফাকু দিয়া উৎসৱ । যাত্ৰীৰ সেৱা,ফাকু আৰু পদ জল গ্ৰহণ । যাত্ৰীৰ সেৱাৰ সুবিধাৰ বাবে গোটেই নিশা গোসাঁইক ৰভাতলত ৰখা হয় । সন্ধিয়া ৭ বজাত সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আৰু ষ্মৰণিকা উন্মোচন । লগতে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ অসমীয়াবাৰ্ষিক কেলেণ্ডাৰ উন্মোচন । এই অনুষ্ঠানটোত অঙ্কীয়া ভাওনা পৰিৱেশন কৰা হব । ২৯ মাৰ্চ বিয়লি ২ বজাত গায়ন-বায়নে গোৱা বোৱা কৰি সু-সজিত আসনত কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই ভকত-বৈষ্ণৱ , আইসকল আৰু থলুৱা ভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক সমাহাৰেৰে দৌল মন্দিৰলৈ যাত্ৰা । দৌল মন্দিৰত গোসাঁইক লৈ সাতপাক প্ৰদক্ষিণ,গোঁসাই সেৱা,ফাকু খেলা , ৰং-ধেমালি কৰাৰ অন্তত গোঁসাইক বটদ্ৰৱা শ্ৰী শ্ৰী নৰোৱা সত্ৰ আৰু শ্ৰী শ্ৰী শ’লগুৰি সএৰ অন্তৰ্গত গাঁৱত প্ৰদক্ষিণ কৰি দুই সত্ৰ সত্ৰাধিকাৰ প্ৰভু গৃহত প্ৰৱেশ আৰু পৰম্পৰাগত নিয়ম অনুসৰি পূজা-অৰ্চনা,সেৱা-সৎকাৰ কৰা হৱ । সন্ধিয়া গোসাঁইক লৈ কীৰ্ত্তন ঘৰলৈ যাত্রা । সেইদিনা সন্ধিয়া দুই সএৰ ভক্তসকলৰ পদূলিত এগছিকৈ বন্তি প্ৰজ্বলন । সন্ধিয়া ৭ বজাত সত্ৰীয়া সংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া নৃত্য , বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল নৃত্যানুষ্ঠান আৰু দিহানাম পৰিৱেশন । ৩০ মাৰ্চ সন্ধিয়া ৭ বজাত সত্ৰীয়া সংস্কৃতিক অনুষ্ঠানত অংকীয়া ভাওনা প্ৰদৰ্শিত হব । ৩১ মাৰ্চ ৰঙৰ হাটৰ লগতে খান যাত্ৰীৰ সেৱা চলি থাকিব । উল্লেখযোগ্য যে , উক্ত পাঁচ দিনৰ কাৰ্যসূচীত থান যাত্ৰীৰ সেৱাৰ বাবে কীৰ্তন দ্বাৰ মুকলি থাকিব । আজিৰ এই অনুষ্ঠানটোত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী,উপ-সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত ,কাৰ্য কৰি সভাপতি ভোগেশ্বৰ বৰা , সম্পাদক ইন্দ্ৰ মোহন বৰুৱা , সদস্য প্ৰশান্ত ভৰালীকে প্ৰমুখ্যে কৰি বহু কেইজন থান পৰিচালনা সমিতিৰ সদস্য উপস্থিত আছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here