বিহালীৰ কিশোৰ হাজৰিকালৈ বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ দ্বাৰা ডক্টৰেট ডিগ্ৰী প্ৰদান

46

বিহালীৰ কিশোৰ হাজৰিকালৈ বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ দ্বাৰা ডক্টৰেট ডিগ্ৰী প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰগাং,২২ ফেব্ৰুৱাৰী : বিশ্বনাথ ঘাটক পৰ্যটন নগৰী হিচাপে গঢ় দিয়াৰ লগতে সমাজ সেৱাৰ পৰা মানৱ সেৱালৈ অবিৰত ভাৱে কাম কৰা এজন ব্যক্তি হৈছে বিহালীৰ ড° কিশোৰ হাজৰিকা । মানৱ ধৰ্মৰ ওপৰত বিশ্বাসী হাজৰিকা এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰ উপৰিও বিহালীৰ জাতীয় জীৱনৰ হকে নিৰৱচ্ছিন্ন ভাৱে কাম কৰি আহিছে ।তেওঁৰ এই সামাজিক কৰ্মৰাজিৰ বাবে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় বহু কেইটা সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । কালি তেওঁৰ সামাজিক কৰ্মৰাজিৰ বাবে বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগে সন্মানীয় Doctor of Human Rights সন্মানেৰে বিভূষিত কৰে । এই সন্মান লাভ কৰি ড° হাজৰিকাই অভিভূত হৈ পৰাৰ লগতে পূৰ্বতকৈ অধিক সামাজিক কাম কৰাৰ কথা ব্যক্ত কৰে। এই প্ৰাপ্তিৰ ক্ষেত্ৰত সহায় সহযোগ কৰা সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। ইফালে বিহালীলৈ গৌৰৱ কঢ়িয়াই অনা ড°হাজৰিকাক বিভিন্ন দল-সংগঠনে শুভেচ্ছা জনাইছে ।

Total Page Visits: 42 - Today Page Visits: 2