সৰুপথাৰ টেঙাহোলা গাঁৱত ৭ দিনীয়া বিহু কৰ্মশালা

34

সৰুপথাৰ টেঙাহোলা গাঁৱত ৭ দিনীয়া বিহু কৰ্মশালা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ ,গোলাঘাট , ২ এপ্ৰিলঃ সৰু পথাৰত নিৰ্বাচনী বতাহ সাম কটাৰ লগে লগে এতিয়া বিহুৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে লোকসকল । সৰু পথাৰৰ টেঙাহোলা গাঁৱত পোন প্ৰথমবাৰৰ বাবে সপ্তাহ যোৰাকৈ বিহু কৰ্মশালাৰ আয়োজন । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে এই কৰ্মশালা । পোন প্ৰথমবাৰৰ বাবে টেঙাহোলা গাঁৱত বিহু কৰ্মশালা অনুষ্ঠিত হোৱা বাবে উৎফুল্লিত হৈ পৰিছে গাঁৱবাসী । বিহু নৃত্য,ঢোল আৰু পেপাৰ প্ৰশিক্ষণ দিয়া হব এই কৰ্মশালাত । বিহু নৃত্যৰ প্ৰশিক্ষক ৰীতামণী বৰা শইকীয়া,ঢোলৰ প্ৰশিক্ষক জীতেন বৰা(ওজা),আৰু পেপাৰ প্ৰশিক্ষক হিচাবে উপস্থিত আছে অজয় বৰা । এই কৰ্মশালাত আশা কৰাতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে যোগদান কৰিছে বুলি জানিবলৈ দিয়ে । এই কৰ্মশালাৰ পৰা নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকল যথেষ্ট পৰিমাণে উপকৃত হব বুলি মন্তব্য কৰিছে আয়োজক সমিতিয়ে।