ত্ৰিপুৰাই শাসন কৰিব ত্ৰিপুৰাক: অভিষেক বেনাৰ্জী

93

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ৩ আগষ্ট : ত্ৰিপুৰাত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলসমূহে বিশেষ তৎপৰতা আৰম্ভ কৰিছে । এইবাৰ তৃণমূল কংগ্ৰেছ দলে বিশেষভাৱে ৰাজ্যখনত নিৰ্বাচনৰ ৰণকৌশল আৰম্ভ কৰিছে । শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ আগমণ ঘটিছে ৰাজ্যখনলৈ । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে মমতা বেনাৰ্জীক ৰাষ্ট্ৰীয় মুখ হিচাপে প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে । যাৰ বাবে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন এক অগ্নি পৰীক্ষা হিচাপে গ্ৰহণ কৰিছে তৃণমূল কংগ্ৰেছে । উল্লেখ্য যে , ২০১৮ ৰ বিধানসভাৰ পূৰ্বে ত্ৰিপুৰাত বিজেপিও শূণ্য আছিল । সেয়ে তৃণমূল কংগ্ৰেছেও ৰাজ্যখনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে । শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ সাংসদ তথা অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী ত্ৰিপুৰাত উপস্থিত হোৱাৰ সময়ত তেওঁৰ কনভয়ত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছে । এই ঘটনাক গৰিহণা দি এক সংবাদমেল সম্বোধন কৰে নেতাগৰাকীয়ে । সংবাদমেলত নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে , ত্ৰিপুৰাই সুশাসন বিচাৰে । দলটোৱে বাৰে বাৰে বিবৃতিত এটা কথা উল্লেখ কৰিছিল যে ‘ত্ৰিপুৰাই শাসন কৰিব ত্ৰিপুৰাক’ । অৰ্থাৎ ইয়াৰ পৰা এটা কথা স্পষ্ট যে , দলটোৱে স্থানীয় নেতাক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব । আগৰতলাৰ এখন ব্যক্তিগত হোটেলত সংবাদমেল সম্বোধন কৰি বেনাৰ্জীয়ে কয় , ত্ৰিপুৰাত গণতন্ত্ৰ সংকটত আছে । বিজেপিয়ে আক্ৰমণ কৰি গুণ্ডামিৰ কৌশল দেখুৱাইছে । তেওঁ যাতে সুৰক্ষিতভাৱে ঘৰলৈ উভতিব নোৱাৰে , তাৰ বাবে বিজেপিয়ে চেষ্টা কৰিছিল বুলি অভিযোগ কৰে নেতাগৰাকীয়ে । লাঠি আৰু ৰড লৈ দুৰ্বৃত্তই তেওঁৰ কনভয়ৰ ওপৰত অপ্ৰৰোচিত আক্ৰমণ চলাইছিল যিয়ে সঁচাকৈয়ে বিজেপিৰ এখন ৰাজ্য চলোৱাৰ ধৰণ দেখুৱাইছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁ কয় যে , তৃণমূল কংগ্ৰেছ দলটোৰ ৰাজনীতি সকলোৱে জানে । মমতা বেনাৰ্জীয়ে সকলোকে সমান মৰ্যাদা দিব বিচাৰে আৰু তেওঁৰ দলেও একেই বিচাৰে । ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ যুঁজ হৈছে জনপন্থী চৰকাৰ স্থাপন কৰা আৰু তাৰ বাবে টিএমচিয়ে সকলো কৰিব বুলি দাবী কৰে অভিষেক বেনাৰ্জীয়ে । আনকি ইডি আৰু আইটিৰ দৰে সংস্থা ব্যৱহাৰ কৰি বিৰোধীক ধ্বংস কৰাৰ বিজেপিৰ উপায় নলয় তৃণমূল কংগ্ৰেছে । দলটোৱে গণতন্ত্ৰত বিশ্বাস কৰে আৰু তেওঁলোকৰ যুঁজ গণতান্ত্ৰিক হ’ব বুলিও কয় নেতাগৰাকীয়ে ।বেনাৰ্জীয়ে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ আৰু গোটেই গেৰুৱা শিবিৰক ভীতি প্ৰদৰ্শনৰ কৌশলৰ পৰা সংযম হৈ থাকিবলৈ সতৰ্ক কৰি দিয়ে । এইবাৰ ত্ৰিপুৰাত টিএমচি শক্তিশালী । তেওঁ সমগ্ৰ গেৰুৱা শিবিৰৰ লগতে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক সকীয়াই দি কয় যে , ত্ৰিপুৰাত দলৰ সমৰ্থকক লগ পোৱাত তেওঁক কোনো কৌশলে বাধা দিব নোৱাৰে । ত্ৰিপুৰাত এগৰাকী মুখ্যমন্ত্ৰী হ’ব যি এই মাটিত জন্ম গ্ৰহণ কৰিছে আৰু ডাঙৰ দীঘল হৈছে । তেওঁৰ মতে , ৰিম’ট কণ্ট্ৰ’ল চৰকাৰ নহ’ব , ই এখন স্বাধীন চৰকাৰ হ’ব । আগন্তুক দিনত বেংগল বা দিল্লী বা গুজৰাটে ত্ৰিপুৰাক শাসন নকৰে । দল সলনিৰ ক্ষেত্ৰতো ত্ৰিপুৰাত বিজেপি চৰকাৰক উৎখাত কৰিবলৈ তৃণমূলত যোগদান কৰিবলৈ সাজু হোৱা সকলক আদৰণি জনোৱা হ’ব বুলিও কয় নেতাগৰাকীয়ে । আনকি তেওঁ দাবী কৰে যে , যেতিয়াই বিজেপিৰ কোনো কেন্দ্ৰীয় নেতা ত্ৰিপুৰালৈ আহিব , তেতিয়া তেওঁ ৫ বাৰ ত্ৰিপুৰালৈ আহিব । তেওঁ লগতে কয় যে , এগৰাকী দলৰ নেতা সদায় ৰাজ্যখনত থাকিব যিজনৰ তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰি থাকিব । তেওঁক পশ্চিমবংগৰ পৰা ৰাজ্যখনৰ ভাৰপ্ৰাপ্ত বা পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হ’ব । যদি টিএমচিৰ এজন দলীয় কৰ্মীয়ে আনকি এটা আঁচোৰও পায় , শাসকীয় দলে ইয়াৰ মূল্য পৰিশোধ কৰিব লাগিব বুলিও হুংকাৰ দিয়ে নেতাগৰাকীয়ে । অভিষেক বেনাৰ্জীয়ে দাবী কৰা মতে শাসকীয় বিজেপিৰ বহুতো বিধায়ক এআইটিচিৰ সৈতে নিৰন্তৰ যোগাযোগত আছে । অৱশ্যে, এআইটিচিয়ে বিভাজনৰ ৰাজনীতিত বিশ্বাস নকৰে । তেওঁৰ স্পষ্ট কথা যে , তেওঁ কাৰো ঘৰ ভাঙিব নোৱাৰে । তেওঁৰ দাবী জনসাধাৰণৰ বাবে কাম কৰি , এআইটিচিয়ে তেওঁলোকৰ বিশ্বাস আৰু মৰমেৰে ক্ষমতাৰ সিংহাসনত বহিব । তেওঁ ঘোষণা কৰে যে এই বছৰৰ ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনৰ ৮ খন জিলাৰ ৫৬ টা খণ্ডৰ ৩,৩২৪ টা বুথত সকলো সমিতি গঠন কৰা হ’ব । তেওঁ লগতে কয় যে , অহা ১৫ দিনৰ ভিতৰত এখন পূৰ্ণাংগ ৰাজ্যিক সমিতি ঘোষণা কৰা হ’ব ।