আমছুৰ আঞ্চলিক আহ্বায়ক সমিতি গঠন

48

আমছুৰ আঞ্চলিক আহ্বায়ক সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ১৮ আগষ্টঃ যোৱা ১৫ আগষ্ট স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ইকবাল হুছেইন নেতৃত্বাধীন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) গোটৰ হোজাই জিলা সমিতিৰ তত্বাৱধানত চাৰিং আঞ্চলিকৰ আহ্বায়ক সমিতি গঠন কৰা হয় । এই আহ্বায়ক সমিতিত প্ৰায় অৰ্ধশতাধিক যুৱকে ইকবাল হুছেইন আমছু গোটত যোগদান কৰে বুলি জানিবলৈ দিয়ে হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক নইম চৌধুৰীয়ে । এই কাৰ্যসূচীত জিলা সমিতিৰ হৈ উপস্থিত থাকে সভাপতি আৰিফ উদ্দিন সম্পাদক লুৎফুৰ ৰহমানৰ লগতে আন বহু কেইগৰাকী জিলা সদস্য সকল ৷ নৱগঠিত সমিতিৰ সকলো সদস্যলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে জিলা সমিতিয়ে ৷