উত্তৰ-পশ্চিম যোৰহাটৰ ৮ নং স্পাৰ শৈলবান্ধত মহাবাহু ব্রহ্মপুত্রৰ কালৰূপ ধাৰণ

74

উত্তৰ-পশ্চিম যোৰহাটৰ ৮ নং স্পাৰ শৈলবান্ধত মহাবাহু ব্রহ্মপুত্রৰ কালৰূপ ধাৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,২৮ আগষ্ট : উত্তৰ-পশ্চিম যোৰহাটৰ দেৰগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ৮ নং স্পাৰ শৈলবান্ধত মহাবাহু ব্রহ্মপুত্রই কালৰূপ ধাৰণ কৰিছে । ফলত দেৰগাঁও সমষ্টিৰ বাবে ভয়াবহ ভাবুকি স্বৰূপ হৈ পৰিছে । স্থানীয় বিধায়ক ভৱেন্দ্র নাথ ভৰালীৰ এই ক্ষেত্রত নীৰৱ ভূমিকাক স্হানীয় ৰাইজে সহজ ভাবে ল’ব পৰা নাই আৰু ক্ষোভ প্ৰকাশ কৰিছে । উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকলে আজি এই কালৰূপ পৰিদৰ্শন কৰি শীঘ্ৰে সমাধানৰ দাবী তোলে । সন্থাৰ উপদেষ্টা অসীম বৰবৰাই কয় যে , বিভাগীয় কতৃপক্ষৰ গৰাখহনীয়া ৰোধৰ বাবে কোনো পদক্ষেপ লোৱা দেখিবলৈ পোৱা নাই । কেইডালমান বাঁহ আৰু কেইটামান জিউ বেগ পেলাই বিভাগীয় কতৃপক্ষক ব্যর্থ হোৱা দেখা গৈছে । উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক ছাত্র সন্থাই বিগত সময়ত বান গৰাখহনীয়া ৰোধৰ বাবে বিজ্ঞান সন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক কেইবাৰো দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত সু-ফল পোৱা নাই।বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ যুগত বাঁহ আৰু তাঁৰেৰে অস্থায়ীভাবে যি ৰক্ষনাবেক্ষনৰ কাম চলি আহিছে , সেয়া কিমানদূৰ ফলপসূ হ’ব , সেয়া সময়তহে ক’ব । উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ভাগ্যৱান ফুকনে কয় যে , অস্থায়ী সমাধানত গুৰুত্ব দিয়াতকৈ বিজ্ঞান সন্মত আৰু উন্নত মানৰ প্রযুক্তিৰ প্রয়োগেৰে ৮ নং স্পাৰৰ গৰাখহনীয়া ৰক্ষনাবেক্ষন দিয়াৰ বাবে বিভাগীয় কতৃপক্ষই গুৰুত্ব প্রদান কৰি স্থায়ী সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আৰু লগতে কয় , সেই দাঁতিকাষৰীয়া অঞ্চলৰ যি বানৰ কবলত আছে তেওঁলোকক অতি শীঘ্ৰে খাদ্যবস্তু যোগান ধৰিবলৈ দাবী জনায় । ৮ নং স্পাৰৰ এই কালৰূপ পৰিদৰ্শন কালত উপস্হিত থাকে মাধুৰ্য বৰা,কৃষ্ণানু দাস আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল ।