কলগাছিয়াত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ ৮৬তম প্ৰতিষ্ঠা দিৱস পালন

97

কলগাছিয়াত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ ৮৬তম প্ৰতিষ্ঠা দিৱস পালন

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১২ আগষ্টঃ আজি কলগাছিয়াত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ ৮৬ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । এই দিৱস উপলক্ষে কলগাছিয়াস্থিত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)ৰ কাৰ্যালয় প্ৰাঙ্গগনত পতাকা উত্তোলন কৰা হয় । উক্ত কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰ নেতা চান মামুদ আহমেদ আৰু SFI ৰ ভাৰপ্ৰাপ্ত সম্পাদক শাহাজুল ইছলামে । তাৰ লগতে SFI ৰ ভাৰপ্ৰাপ্ত সভাপতি শাহানুৰ আলমে উপস্থিত থাকি উদ্দেশ্য ব্যাখ্যা কৰি SFI ৰ ছাত্ৰ আন্দোলন সম্পৰ্কে আলোচনা কৰা হয় । তাৰ লগতে কৃতি শিক্ষাৰ্থী সকলৰ সম্বৰ্ধনা কৰ্মশালা অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত ছাত্ৰ আন্দোলন সম্পৰ্কে প্ৰাক্তন ছাত্ৰনেতা ৰুস্তম আলীয়ে অৱগত কৰায় আৰু আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক সেই সম্পৰ্কে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ।