গহপুৰৰ নিকৰ্টৱতী ৰাঙলিয়াল গাওঁ পঞ্চায়তৰ সচিব ৰাজকুমাৰ পেগুক বিদায় সম্বন্ধনা

201

গহপুৰৰ নিকৰ্টৱতী ৰাঙলিয়াল গাওঁ পঞ্চায়তৰ সচিব ৰাজকুমাৰ পেগুক বিদায় সম্বন্ধনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , গহপুৰৰ পৰা ৰাজীৱ বৰুৱা প্ৰতিবেদন , ৪ চেপ্তম্বৰ : ৰাজ্য চৰকাৰে পঞ্চায়তৰ সচিব সমূহক জিলাই জিলাই ব্যাপক সালসলনি কৰা দেখা পোৱা গৈছে । তাৰ পৰিপেক্ষিতত গহপুৰৰ ৰাঙলিয়াও গাওঁ পঞ্চায়তৰ সচিব ৰাজকুমাৰ পেগুৱে বালিজানৰ ৰাঙলিয়াল গাওঁ পঞ্চায়তৰ পৰা বতমান তেজপুৰ ডেকাগাৱলৈ বদলি হৈছে । আজি তাৰ পৰিপেক্ষিতত ৭৮ নং গহপুৰ বিধান সভাৰ সমষ্ঠিৰ অন্তগত ৰাঙলিয়াল গাওঁ পঞ্চায়তত কভিদৰ সকলো প্ৰটকল মানি বিদায় সম্মিলনৰ লগতে তেওঁক বিদায় সম্বন্ধনা কাৰ্যসূচী হাতত লয় । উক্ত বিদায় সম্মিলন কাৰ্যসূচীত উপস্থিত থাকে AP চেয়াৰ মেন ইনু বৰা , ৰাঙলিয়াল গাওঁ পঞ্চায়তৰ সভানেত্ৰী অৰ্চনা দাসৰ লগতে ২ নং এলেকাৰ সদস্যা দুলুমনি বৰুৱা , ৮ নং এলেকাৰ সদস্য জান হাজৰিকা , ৯ নং এলেকাৰ সদস্য অচ্যুত বৰা , ৫ নং এলেকাৰ সদস্য পিতাম্বৰ কাকতিকে প্ৰমুখ্য কৰি মণ্ডলৰ সভাপতি যাদৱ বৰুৱা , সম্পাদক চিত্ৰ হাজৰিকা, বিশিষ্ঠ সমাজকৰ্মী দিপন দাস , মনোৰঞ্জন বৰুৱা , হনিবৰ নাৰ্জাৰী , হৰি ৰাজখোৱা , যতিন ৰাজখোৱা লগতে পঞ্চায়ত বিষয়বৱীয়া দিপু মেধি , মৃনাল লাহনৰ লগতে কিছু গন্য মান্য ব্যক্তিৰ উপস্থিতিৰ সহযোগত সুন্দৰকৈ বিদায় সম্বন্ধনা কাৰ্যসূচী কমনিকা ভাগ সফল ভাৱে অন্ত পৰে ।