গোলাঘাটত কৃতী শিক্ষকলৈ বটা প্ৰদান

84

গোলাঘাটত কৃতী শিক্ষকলৈ বটা প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৫ চেপ্তেম্বৰ : গোলাঘাটত ৮ গৰাকী কীৰ্তি শিক্ষকলৈ কৃতী শিক্ষক বটা প্ৰদান ৷ আজি গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্ষক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসন , শিক্ষা বিভাগ আৰু শিক্ষক সংগঠনৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত ৮ গৰাকী শিক্ষকলৈ কৃতী শিক্ষকৰ বটা প্ৰদান কৰা হয় ৷ গোলাঘাট জিলাৰ উন্নয়ন আয়োক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত বটা প্ৰদান অনুষ্ঠানত ইন্দ্ৰানী দেৱী উচ্চতৰ বিদ্যালয়ৰ শিক্ষক প্ৰদীপ বৰা , দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দেৱজীৎ বৰা কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰি শিক্ষক প্ৰতাপ শৰ্মা বৰুৱা , ৰাজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক শিখামাই গগৈ, দেৰগাঁও কমাৰগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক বিচিত্ৰ ফুকন কলিতা , শনিগড় উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক অজিত বৰা , চাৰিনং টাউন কুমাৰপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰি শিক্ষক উষাৰাণী দেৱী , ২ নং দোলাখৰীয়া প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জুমনি শইকীয়াক উক্ত কৃতী শিক্ষকৰ বঁটাৰে আলংকিত কৰা হয় বুলি জানিব পৰা যায় ৷