গোলাঘাটত ১১৯৭ টা গড়ৰ খড়্গৰ পুনৰীক্ষণ সম্পন্ন

77

গোলাঘাটত ১১৯৭ টা গড়ৰ খড়্গৰ পুনৰীক্ষণ সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট, ১২ ছেপ্টেম্বৰ : জিলা তথ্য আৰু জনসংযোগ বিষয়া , গোলাঘাট পৰা প্ৰাপ্ত তথ্য অনুযায়ী , গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে যোৱা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা গঁড়ৰ খড়্গৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে । ১৯ জনীয়া এখন কাৰিকৰী সমিতিয়ে খড়্গসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অংশ লয় । এই প্ৰক্ৰিয়াত মুঠ ১,১৯৭ টা খড়্গ পৰীক্ষা কৰা হয় । বন সংৰক্ষক তথা ভাৰতীয় বন সেৱা বিষয়া এম হুছেইনৰ অধ্যক্ষতাত আৰু উপ বন সংৰক্ষক খনিন্দ্ৰ দাস সদস্য সচিব হিচাপে থকা সমিতিখনত শীৰ্ষ বন বিষয়া , প্ৰকৃতিপ্ৰেমী সংগঠনৰ প্ৰতিনিধি, পৰিৱেশবিদ , সাংবাদিক আৰু কেইবাগৰাকীও বিশেষজ্ঞ আছে । কাৰিকৰী সমিতিৰ উপৰি কেন্দ্ৰীয় সমিতি আৰু স্থানীয় পৰ্যায়ত মাণ্ডলিক সমিতিও আছে । এই প্ৰক্ৰিয়াত গঁড়ৰ খড়্গসমূহ পৰীক্ষা কৰাৰ লগতে ডি এন এ নমুনা সংগ্ৰহ কৰা হয় । উল্লেখ্য যে , সমগ্ৰ ৰাজ্যতে জমা কৰি ৰখা গঁড়ৰ খড়্গসমূহৰ পুনৰীক্ষণৰ বাবে ৭টা জ’নত ভাগ কৰি দিয়া হৈছিল । ইতিমধ্যে আটাইবোৰ জ’নৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে বুলি জানিব পৰা যায় ৷