গোসাঁইগাঁওত আমছুৰ ‘ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা’ কাৰ্যসূচীৰ শুভাৰম্ভণি

79

গোসাঁইগাঁওত আমছুৰ ‘ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা’ কাৰ্যসূচীৰ শুভাৰম্ভণি

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান, গোসাঁইগাঁও, ৫ ছেপ্টেম্বৰঃ অসমৰ সংখ্যালঘু সমাজৰ মাজত শৈক্ষিক উত্তৰণৰ মাজেদি সংখ্যালঘূ সম্প্ৰদায়ক ৰাজ্যৰ আন আন সম্প্ৰদায়ৰ লগত খোজত খোজ মিলাই অসমক উন্নতিৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত সংখ্যালঘু সম্প্ৰদায়ৰ মাজত শিক্ষাৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে “ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা” শীৰ্ষক কাৰ্যসূচীৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ, ধুবুৰী, বিলাসীপাৰা, পৰ্বতঝোৰা আদি ৫ খনকৈ জিলা সমিতিক সাঙুৰি প্ৰথমখন মাণ্ডলিক বৈঠক অনুষ্ঠিত হয়। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ পৌৰহিত্যত গোসাঁইগাঁওৰ এছ এছ মাৰ্কেটত দেওবাৰে ১১ বজাত অনুষ্ঠিত সভাত শিক্ষক দিৱস উপলক্ষে ৫খন জিলা সমিতিৰ অন্তৰ্গত পাঁচজন কৃতি শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত শিক্ষকসকল হৈছে আব্দুল হাকিম তৰফদাৰ (অধ্যক্ষ, জাৰাগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়; সদস্য, হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা বোৰ্ডৰ বিষয় বাছনি সভা; সদস্য, কোকৰাঝাৰ জিলা পৰীক্ষা বোৰ্ড), কৃষ্ণকান্ত দাস (অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত শিক্ষক; প্ৰধান শিক্ষক, চেদামাৰী প্ৰাথমিক বিদ্যালয়, কোকৰাঝাৰ), মিজানুৰ ৰহমান (সহকাৰী শিক্ষক, গতিপাৰা প্ৰাথমিক বিদ্যালয়, বিলাসীপাৰা; প্ৰাক্তন ৰাজ্যিক গুণগত ব্যৱস্থাপক, সৰ্ব শিক্ষা অভিযান), আব্দুল বাতেন শেখ (সহকাৰী শিক্ষক, দেৱীতলা হাইস্কুল, পৰ্বতঝোৰা) আৰু আতোৱাৰ ৰহমান (সহকাৰী শিক্ষক, ৰহমতগঞ্জ হাইস্কুল, ধুবুৰী)। সভাত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ মাজত সজাগতা বৃদ্ধি, কৰাৰ উদ্দেশ্য, কুসংস্কাৰ দূৰীকৰণ, কৃষি উদ্যোগৰ প্ৰতি সজাগতা আদিকে ধৰি কেইবাখনো বিষয়ৰ ওপৰত সংস্কাৰ অনাৰ ক্ষেত্ৰত “ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা” নামৰ এক দীৰ্ঘম্যাদী কাৰ্যসূচী লোৱা হৈছে। ইয়াৰ বাবে ভাৰতৰ জ্যেষ্ঠ আইনজীৱী ছলমান খুৰছিদৰ নেতৃত্বত আৰু আমছুৰ আইনী উপদেষ্টা মস্তোফা খাদ্দাম হুছেইনৰ দ্বাৰা এক মডালিটি প্ৰস্তুত কৰা হৈছে। সংখ্যালঘু সমাজৰ শৈক্ষিক উত্তৰণৰ বাবে এই কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে আঠটাকৈ মাণ্ডলিক পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব। ইয়াৰ বাবে দলীয় কৰ্মীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উপদেষ্টা আইনুদ্দিন আহমেদে তেওঁৰ মন্তব্যত কয় যে কোনো এক জাতি উন্নয়নৰ মূল হাথিয়াৰ হৈছে শিক্ষা। শিক্ষা অহিবনে কোনো জাতিৰ উন্নয়ন বাদেই দিয়ক, জাতিটোকে উদ্ধাৰ কৰিব নোৱাৰে। গতিকে আমি সকলোৱে শিক্ষিত হৈ জাতিৰ লগতে সমাজৰ উন্নয়ন কৰিব লাগিব। সভাত শিক্ষা বিভাগৰ কোকৰাঝাৰ জিলা কাৰ্যক্ৰম বিষয়া জাহাঙ্গীৰ হুছেইন, জাৰাগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল হাকিম তৰফদাৰ, ভাওৰাগুৰী-বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল আজিজ খান, ৰবিহাজি জুনিয়ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰহম আলী আদিকে ধৰি কেইবাগৰাকী শিক্ষাবিদৰ লগতে আমছুৰ উপ সভাপতি ৰফিকুল ইছলাম, নজৰুল ইছলাম, সম্পাদক হাচিনা আহমেদ, শিক্ষা সম্পাদক আবুল কালাম আজাদে উপস্থিত থাকি তেওঁলোকৰ মূল্যবান ভাষণ আগবঢ়ায়।