ঘোচখোৰ আৰক্ষী মহেন্দ্ৰ শইকীয়াৰ শাস্তিৰ দাবীত চিলাপথাৰত সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল

80

ঘোচখোৰ আৰক্ষী মহেন্দ্ৰ শইকীয়াৰ শাস্তিৰ দাবীত চিলাপথাৰত সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া, চিলাপথাৰঃ ৬ ছেপ্তেম্বৰঃ জিতু সোনোৱালৰ আত্মহত্যাৰ ঘটনাক লৈ আজিও প্ৰতিবাদ মূখৰ হৈ আছে ধেমাজিৰ চিলাপথাৰ । আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াক কঠোৰ শাস্তি প্ৰদানৰ লগতে পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ দাবীৰে আজি চিলাপথাৰত এক গণ সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে চিলাপথাৰৰ আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাই । উল্লেখ্য যে , গোচৰ মিমাংসাৰ নামত চিলাপথাৰৰ জিতু ওৰফে নিখিল সোনোৱালৰ পৰা চিলাপথাৰৰ আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শইকীয়াই দাবী কৰিছিল ৫০ হেজাৰ টকা । আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি যুৱকজনে বাচি লয় আত্মহত্যাৰ পথ । পিছতেই আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াৰ শাস্তিৰ দাবীত উত্তেজিত হৈ পৰে স্হানীয় ৰাইজ । পৰিয়ালৰ লোকে দিয়া এজাহাৰ ভিত্তিত চিলাপথাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪২৯/ ২০২১ নম্বৰৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰি অতি ৰহস্য জনকভাৱে আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াক ৰিজাৰ্ভ ক্ল’জ কৰিয়ে দ্বায়িত্ব সামৰিলে ধেমাজি আৰক্ষীয়ে । কিয় গ্ৰেপ্তাৰ কৰা নহ’ল আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াক । নে আৰক্ষী হোৱাৰ বাবেই লেহেমীয়া হৈ আছে গোচৰ প্ৰক্ৰিয়াৰ তদন্ত । বিষয়টো লৈ আজি পুনৰ প্ৰতিবাদমুখৰ হৈ উঠে চিলাপথাৰ । আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াৰ কঠোৰ শাস্তিৰ দাবীৰে চিলাপথাৰ আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত বাহিৰ কৰা হয় এক বিশাল প্ৰতিবাদী সমদল । ২ নং চিলা গাঁৱৰ পৰা ৩ কিলোমিটাৰ সমদলৰে চিলাপথাৰ নগৰ হৈ চিলাপথাৰ আৰক্ষী থানাৰ মূল তোৰোনত উপস্থিত হয় প্ৰতিবাদকাৰী সমদলটো । শ – শ প্ৰতিবাদকাৰীয়ে আৰক্ষী থানাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে । হাতে হাতে প্লে_কাৰ্ড লৈ চিলাপথাৰ পুলিচ হায় হায় ,অসম আৰক্ষী হায় হায়, মহেন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ কৰক, ঘোচখোৰ আৰক্ষী মহেন্দ্ৰ শইকীয়াক কঠোৰ শাস্তি প্ৰদান কৰক , আমাৰ দাবী মানিব লাগিব , ইনক্লাৱ জিন্দাবাদ , সোনোৱাল কছাৰী ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানৰে উত্তাল কৰি তোলে চিলাপথাৰৰ থানা চৌহদত । ৫ শতাধিক প্ৰতিবাদকাৰী প্ৰতিবাদত প্ৰায় ২ ঘন্টা সময় উত্তাল হৈ পৰে চিলাপথাৰ থানাৰ চৌহদ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শ-শ যান বাহন আৱদ্ধ হৈ পৰে । অৱশেষত কাৰ্য্যবাহী দণ্ডাধীশ প্ৰতিবাদস্হলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাত শাম কাটে পৰিস্থিতিৰ । শেষত আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াক কঠোৰ শাস্তিৰ লগতে জিতু সোনোৱালৰ পৰিয়ালক এককালীন সাহায্য প্ৰদানৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ কাৰ্যবাহী দণ্ডাধীশৰ হাতত প্ৰদান কৰে সংগঠনটোৱে ।