চেঙাৰ কাছুমাৰাত ভদীয়া বানৰ তাণ্ডব , বানে উঠুৱাই নিলে বৃহৎ কাঠৰ দলং

95

চেঙাৰ কাছুমাৰাত ভদীয়া বানৰ তাণ্ডব , বানে উঠুৱাই নিলে বৃহৎ কাঠৰ দলং

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ৩১ আগষ্টঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰাত ভদীয়া বানৰ তাণ্ডব । ৰাজ্যৰ চৌদিশে এতিয়া ভদীয়া বানৰ তাণ্ডব , ভদীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিলে চেঙা সমষ্টিৰ কাছুমাৰাত । আজি পুৱাই কাছুমাৰা-মহচৰা সংযোগী বৃহৎ কাঠৰ দলং খন বাঢ়নি পানীয়ে দলং খনৰ মাজভাগ উঠুৱাই নিয়ে । জানিব পৰা মতে , নিৰ্মাণৰ দুমাহ পূৰ্ণ নহওতেই বাঢ়নি পানীয়ে উঠুৱাই নিলে বৃহৎ কাঠৰ দলং খন । যিকোনো মূহুৰ্ত্ততে কৌটি টকীয়া বৃহৎ দলং খন নিশেষ হব পাৰে । দলংখন বানে উঠুৱাই নিয়াৰ ফলত কাছুমাৰা-মহচৰা সংযোগ বিচ্ছিন্ন হৈ পৰিছে । শতাধিক গাওঁৰ যাতায়ত বিছিন্ন হৈ পৰাত হাহাকাৰৰ সৃষ্টি হৈছে ৰাইজৰ মাজত । দলং খনৰে কেবাখনো গাঁৱৰ ৰাইজে যাতায়ত কৰিছিল , দলং খনৰ মাজভাগ বানে উঠুৱাই নিয়াত ব্যাহত হৈ পৰিছে ৰাইজৰ যাতায়ত ।