ছাত্ৰীক অশালীন ব্যৱহাৰঃ ডবকা হাজী আনফৰ আলী কলেজৰ অধ্যাপকক নিলম্বনঃ সমিতি গঠন

83

ছাত্ৰীক অশালীন ব্যৱহাৰঃ ডবকা হাজী আনফৰ আলী কলেজৰ অধ্যাপকক নিলম্বনঃ সমিতি গঠন

জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ৮ এপ্ৰিলঃ যোৱা ১৭ মাৰ্চত ডবকা হাজী আনফৰ আলী কলেজৰ এগৰাকী অধ্যাপকে কলেজখনত অধ্যয়নৰত তৃতীয় ষান্মাষিকৰ এগৰাকী ছাত্ৰীৰ সন্মান হানি কৰা বুলি এক অভিযোগ উত্থাপন হৈছিল ৷ কলেজখনৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক নজৰুল হক বৰভূঞাৰ বিৰুদ্ধে উঠিছিল এই গুৰুতৰ অভিযোগ ৷ ঘটনা সংঘটিত হোৱাৰ পিছত কলেজখনৰ একাংশ উত্তেজিত ছাত্ৰই অভিযুক্ত শিক্ষকগৰাকীৰ বাহন ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰাৰ লগতে কলেজৰো কিছু ক্ষতি কৰিছিল ৷ পৰৱৰ্তী ডবকা আৰক্ষী ঘটনাস্থলিত উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল ৷ ঘটনাৰ পিছতেই কলেজখনৰ গৱৰ্ণিং বডিয়ে তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰি অভিযুক্ত অধ্যাপক গৰাকীক নিলম্বন কৰিছিল ৷ লগতে শিক্ষক গোটে এক বৈঠকত মিলিত হৈ নিৰ্যাতিত ছাত্ৰীৰ ভাষ্য লিপিৱদ্ধ কৰাৰ লগতে অভিযুক্ত শিক্ষকৰো জবানবন্দী গ্ৰহণ কৰিছিল ৷ শিক্ষক গোটেও প্ৰাথমিক তদন্তত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কিছু তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে ৷ আজি কলেজত কলেজ পৰিচালনা সমিতিৰ বৈঠকত শিক্ষক গোটৰ প্ৰতিবেদনো জমা দিয়া বুলি কলেজখনৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ গৱৰ্ণিং বডিৰ বৈঠকত অভিযুক্ত অধ্যাপক গৰাকীৰ ৬ মাহৰ নিলম্বন বাহাল ৰখাৰ লগতে সমগ্ৰ ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ বাবে তিনিজনীয়া এখন সমিতি গঠন কৰি দিয়া হয় ৷ হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলাখনৰ শিক্ষা বিভাগৰ দায়িত্বৰত গৌৰি দাস, কলেজৰ গৱৰ্ণিং বডিৰ সদস্য শ্বহিদুল ইছলাম তালুকদাৰ আৰু ডবকা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ঝামিনী শইকীয়াক লৈ গঠন কৰা হয় এই সমিতি ৷ এই সমিতিয়ে সমগ্ৰ প্ৰেক্ষাপট তদন্ত কৰি ৬ সপ্তাহৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব বুলি কলেজৰ অধ্যক্ষ ডঃ মামুন আজম বৰভূঞাই এই প্ৰতিবেদকৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here