জনতাৰ মুৰত ৰাম টাঙোন দিবলৈ সাজু হৈছে ডিব্ৰুগড় বগীবিল টোলগেট

76

জনতাৰ মুৰত ৰাম টাঙোন দিবলৈ সাজু হৈছে ডিব্ৰুগড় বগীবিল টোলগেট

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ৮ ছেপ্টেম্বৰ : ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদক আওকাণ কৰি ৰাজ্য চৰকাৰে ডিব্ৰুগড়ত নতুনকৈ মুকলি কৰিব বগীবিল টোলগেট ৷ ইখনৰ পাচত সিখনকৈ টোলগেট স্থাপনেৰে ৰাজ্যবাসীৰ মূৰত ৰাম টাঙোন শোধোৱা চৰকাৰখনে গুৰুত্ব নিদিলে ৰাজ্যবাসীৰ বৃহৎ ত সমস্যাক ৷ ইফালে পৰিবহণ ব্যৱস্থাৰ অত্যধিক ভাড়া বৃদ্ধি, আনফালে টোলগেটৰ বৰ্ধিত মাচুলে জুৰুলা কৰিছে সাধাৰণ জনসাধাৰণক ৷ ইয়াৰ প্ৰতি যেন কোনো গুৰুত্ব নাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৷ টোলগেটৰ বিৰোধিতাৰে দল-সংগঠনে কৰি অহা প্ৰতিবাদক একাষৰীয়া কৰি নিৰ্মাণ আৰম্ভ কৰা বগীবিল টোলগেটৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে ৷ এতিয়াৰে পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিব্ৰুগড়ৰ পৰা ধেমাজি, লক্ষীমপুৰ নতুবা বগীবিল চাবলৈ গ’লেই ভৰিব লাগিব টোলগেটৰ কৰ ৷ ইয়াৰ ওপৰত কোনোধৰনৰ ব্যৱস্থা হাতত নহলে আগন্তুক দিনত অনুসূচিত জাতি ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটছা বিষয়ববীয়া সকলে গণতান্ত্ৰিক ভাৱে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী হাত লোৱাৰ কথা অৱগত কৰে।