জাতীয় কবি নীলমণি ফুকনৰ ৮৯ সংখ্যক ওপজাদিন পালন ,’মই দেখা নীলমণি’উন্মোচন

65

জাতীয় কবি নীলমণি ফুকনৰ ৮৯ সংখ্যক ওপজাদিন পালন ,’মই দেখা নীলমণি’উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ১১ ছেপ্টেম্বৰঃ দেৰগাঁৱৰ ঐতিহাসিক আজাদ পুস্তকালয়ৰ উদ্যোগত পুস্তকালয়ৰ এগৰাকী প্ৰতিষ্ঠাপক,দেৰগাঁৱৰ সুসন্তান তথা অসমৰ জাতীয় কবি আখ্যায়িত নীলমণি ফুকনৰ ৮৯ সংখ্যক ওপজাদিন ১০ ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ক’ভিড নীতি মানি উদযাপন কৰা হয় । এই উপলক্ষে পুৱা জাতীয় কবি গৰাকীৰ ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি মুকলি সভা,গ্ৰন্থ উন্মোচন,বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় । সম্পাদক ৰাজেন পূজাৰীয়ে আঁতধৰা মুকলি সভাত সভাপতিত্ব কৰে আজাদ পুস্তকালয় ঐতিহ্য স্মাৰক সমিতিৰ সভাপতি অধ্যাপক পদ্মলোচন নাথে । সভাত মুখ্য বক্তা হিচাপে বিশিষ্ট কবি অজিত গগৈ , বিশিষ্ট অতিথি হিচাপে বিশিষ্ট কবি , সমালোচক নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ বৰা,বিশিষ্ট ঔপন্যাসিক,গল্পকাৰ জুৰি বৰা বৰগোহাঞি ,বিশিষ্ট সমাজকৰ্মী নুৰুল চুলতান আদি ব্যক্তি সকল উপস্থিত থাকে । বিশিষ্ট অতিথিৰ ভাষণত কবি অজিত গগৈয়ে নীলমণি ফুকনৰ অৱদান ব্যক্ত কৰি অসমীয়া কাব্য সাহিত্যত তেখেতৰ অৱদান একক আৰু অনন্য বুলি অভিমত ব্যক্ত কৰে । এই অনুষ্ঠানত জাতীয় কবি গৰাকীৰ পুত্ৰ কবি-সুলেখক অমিতাভ ফুকনৰ ৰচিত”মই দেখা নীলমণি’ শীৰ্ষক জীৱন আধাৰিত গ্ৰন্থখনি পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিয়ে কবি নীলমণি ফুকনৰ ভাতৃ তৰুণ ফুকনে । উল্লেখযোগ্য যে,বনলতা প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখন অসমীয়া সাহিত্যৰ লগতে সামাজিক ইতিহাসৰ কিছু তথ্যৰ উৎস হৈ পৰিছে । সহজ সৰল কবিজনাৰ কিছু অনাৱস্কৃত দিশো উন্মোচিত হোৱা গ্ৰন্থখনত কবিৰ আত্মজীৱনীত প্ৰকাশ নোহোৱা বহুতো কথাই সন্নিবিষ্ট হৈছে । আজাদ পুস্তকালয়ৰ উদ্যোগত কুৰালগুৰি উ:মা:বিদ্যালয়ৰ অধ্যক্ষা জ্যোতিকুমাৰী শৰ্মাৰ সম্পাদনাত ই-আলোচনী “আজাদ”ৰ প্ৰথম সংখ্যাটো নীলমণি ফুকনৰ ওপজাদিনৰ বিশেষ সংখ্যা ৰূপে প্ৰকাশ কৰা হয় । গাৰ্গী ভূঞাৰ” বাখৰু”এই সভাতেই উন্মোচন কৰা হয় । সভাত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলকো বঁটা প্ৰদান ক’ৰা হয় । আজাদ পুস্তকালয় প্ৰাঙ্গণত আয়োজন কৰা আজিৰ অনুষ্ঠানত কবি যুতিমালা বৰঠাকুৰকে ধৰি কেইবাগৰাকী ছাত্র ছাত্ৰীয়ে নীলমণি ফুকনৰ কবিতা আবৃত্তি কৰে । আৰম্ভণিতে আজাদ পুস্তকালয় চৌহদত বৃক্ষ ৰোপন কৰে নীলমণি ফুকণৰ ভাতৃ তৰুণ ফুকণে । কভিদ নীতি মানি অনুষ্ঠানত যথেষ্ট সংখ্যক ৰাইজে ভাগ লয় ।