ডবকাত সম্বৰ্ধনা অনুষ্টান 

103
ডবকাত সম্বৰ্ধনা অনুষ্টান
দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ২৪ আগষ্টঃ হোজাই জিলাৰ ডবকাৰ কেইবা গৰাকী ব্যক্তিক সম্বৰ্ধনা ৷ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ডবকাৰ বহু কেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ হোজাইৰ উপায়ুক্ত ডাঃ সাদনেক সিঙৰ নিৰ্দেশ মৰ্মে ডবকা ৰাজহ চক্ৰ বিষয়া দীপ্তি গগৈয়ে ডবকা বহু কেই গৰাকী কৰোণা যুদ্ধা ব্যক্তিক সম্বৰ্ধনা জনায় ৷ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰেষ্ঠ সমাজ কৰ্মী , শ্ৰেষ্ঠ মণ্ডল , শ্ৰেষ্ঠ গাওঁবুঢ়া , শ্ৰেষ্ঠ প্ৰতিৰোধী বন্ধু চিনাক্ত কৰি একোখনকৈ প্ৰসংশা পত্ৰ আৰু ট্ৰফিৰে সন্মান জনোৱা হয় ৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত বছৰ টোৰ শ্ৰেষ্ঠ প্ৰতিৰোধী বন্ধু তথা কভিড যোদ্ধাৰ পুৰস্কাৰ লাভ কৰে আজমল আইন মহাবিদ্যালয়ৰ ছাত্ৰী তথা যুৱ সমাজ সেৱিকা ফাৰমিন বেগমে ৷ লগতে ডবকা বিদ্যামন্দিৰ স্কুলখনে হোজাই জিলাৰ এখন স্বচ্ছ বিদ্যালয় ৰূপে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । উক্ত সম্বৰ্ধনা অনুষ্ঠানত চক্ৰ বিষয়া দিপ্তী গগৈয়ে প্ৰতিগৰাকী শ্ৰেষ্ঠ ব্যক্তিৰ ব্যক্তিত্বক মানপত্ৰৰে সন্মান জনাই উজ্জ্বল ভবিষ্যত কামনা কৰে । লগতে  সমাজৰ হকে নিঃস্বাৰ্থ ভাৱে কাম কৰি যাবলৈ প্ৰতি গৰাকী কৰোণা যুদ্ধাক অৰিহণা যোগায় ।