ডবকাৰ এখন বাঁহৰ সাঁকোৰে বিপদজনক বাবে যাত্ৰা কৰিছে অঞ্চলবাসীয়ে

78

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ০৩ আগষ্টঃ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ আকাশীগংগা পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ দীঘল জাৰুণী , গংগাদিছা আৰু যমুনা পঞ্চায়তৰ উদমাৰী , যমুনাগাওঁ , ৰৌৱাৰপাৰৰ একমাত্ৰ সংযোগী ব্যৱস্থা হৈছে যমুনা নদীৰ ওপৰত এই বাঁহৰ সাঁকোখন । দৈনিক হেজাৰৰো অধিক লোকে এই বিপদ সংকুল বাঁহৰ সাঁকোৰে যাতায়ত কৰিব লগীয়া হয় । বৰ্তমান  বাৰিষাৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে বাঁহেৰে নিৰ্মাণ কৰা সাঁকো খন নদীত বৈ সম্ভাৱনা অধিক ৷ এনে অৱস্থাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলবাসীয়ে বিপদজনক ভাৱে যাতায়ত কৰিবলগীয়া হৈছে এই বাঁহৰ সাঁকোৰে । আনহাতে , বৃহত্তৰ দীঘল জাৰুণী অঞ্চলৰ চাৰিখনকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত মাধ্যমিক শিক্ষা গ্ৰহণৰ বাবে উদমাৰী  মধ্য ইংৰাজী বিদ্যালয়ত এই বাঁহৰ সাঁকোৰে পাৰ হৈ যাব লগীয়া হয় । ইতিমধ্যে বহুতো ছাত্ৰ-ছাত্ৰীৰ কলম , বহী , কিতাপ যমুনা নৈত বাঁহি গৈছে বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে । বিভিন্ন প্ৰলোভনেৰে চাৰিবাৰকৈ যমুনামুখ সমষ্টি দখল কৰা আজমল পৰিয়ালৰ বিধায়ক সকলে এই বাঁহৰ সাঁকোখন পকী দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে এই বিধায়ক সকলৰ প্ৰতিশ্ৰুতি,প্ৰতিশ্ৰুতি হৈ ৰ’ল । বৃহত্তৰ অঞ্চলৰ যাতায়তৰ স্বাৰ্থত শীঘ্ৰে এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰ তথা যমুনামুখৰ বিধায়ক ছিৰাজ উদ্দিন আজমলক দাবী জনায় স্থানীয় ৰাইজে ।