ডিমা হাচাওত ট্ৰাক চালকৰ নৃশংস হত্যাকাণ্ডৰ বুজ লবলৈ চি ই এম, বিধায়ক , আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন দল সংগঠনক সাক্ষাৎ ইকবাল আমছু গোটৰ

133

ডিমা হাচাওত ট্ৰাক চালকৰ নৃশংস হত্যাকাণ্ডৰ বুজ লবলৈ চি ই এম, বিধায়ক , আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন দল সংগঠনক সাক্ষাৎ ইকবাল আমছু গোটৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান, ৩১ আগষ্টঃ মংগলবাৰে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ইকবাল গোটৰ এটি সজাতি দল ডিমা হাচাও জিলাত সংঘটিত হোৱা ট্ৰাক চালকৰ বৰ্বৰ হত্যাকাণ্ডৰ বিষয়ে বুজ ল’বলৈ ডিমা হাচাওত উপস্থিত হয় ৷ আমছুৰ কেন্দ্ৰীয় সমিতি আৰু হোজাই জিলা আমছুৰ প্ৰতিনিধি দলটোৰ সৈতে All Apex Body Co-ordinator committee ক্ৰমে-ডিমাছা,কুকী,নেপালী, বেতে, ৰাংখল, খেলমা, জয়ন্তীয়া মুছলিম, বেংগলী, মণিপুৰী, কাৰ্বি আদি দল-সংগঠনৰ লগতে সদৌ ডিমাছা ছাত্ৰ সন্থা, মুছলিম ছাত্ৰ, মিনাৰেট ক্লেব, ডিমাহাচাও ছাত্ৰ সন্থা আৰু মুছলিম কমিউনিটিয়ে যোৱা ২৬ আগষ্ট তাৰিখে ডিমা হাচাওত সংঘটিত ট্ৰাক চালকৰ নৃশংস হত্যাকাণ্ডৰ উচিৎ তদন্ত ও উপযুক্ত ক্ষতিপূৰণৰ দাবীত ডিমা হাচাও চি,ই,এম দেৱলাল গাৰ্লুচা আৰু স্থানীয় বিধায়িকা নন্দিতা গাৰ্লুচাক সাক্ষাৎ কৰি ডিমা হাচাও জিলাত সংঘটিত ট্ৰাক চালকৰ বৰ্বৰ হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰে ৷ লগতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি হত্যাৰ বলি হোৱা পৰিয়াল সমূহক উপযুক্ত সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰে আমছুৱে ৷ চি,ই,এম দেৱলাল গাৰ্লুচাই অতি কম সময়ৰ ভিতৰত নিহত ট্ৰাক চালকৰ পৰিয়াল সমূহক উপযুক্ত সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে । সেয়ে All Apex Body Co-ordinator committee ৰ সমূহ দল-সংগঠনৰ লগতে ডিমা হাচাওৰ চি,ই,এম দেৱলাল গাৰ্লুচা আৰু স্থানীয় বিধায়িকা নন্দিতা গাৰ্লুচাক আমছু ইকবাল গোটৰ কেন্দ্ৰীয় সমিতিৰ লগতে হোজাই জিলা সমিতিয়ে ফালৰ পৰা আন্তৰিক ধন্যবাদ জনায় ৷ এই কাৰ্যসূচীত আমছু কেন্দ্ৰীয় সমিতিৰ সভাপতি ইকবাল হুছেইন, হোজাই জিলা সমিতিৰ সভাপতি আৰিফ উদ্দিন, সাধাৰণ সম্পাদক লুৎফুৰ ৰহমান বৰলস্কৰ, সম্পাদক নইম উদ্দিন, কবিৰ হুছেইন, শ্বিহাব উদ্দিন আদি কৰি বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকে ৷